নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেজৰিৱালৰ বিৰুদ্ধে গোচৰ চলাবলৈ ইডিক অনুমতি গৃহ মন্ত্ৰালয়ৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ জানুৱাৰীঃ অশান্তি বাঢ়িছে অৰবিন্দ কেজৰিৱালৰ। সূত্ৰৰ মতে, সুৰা কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত গৃহ মন্ত্ৰালয়ে ইডিক গোচৰ চলাবলৈ অনুমতি প্ৰদান কৰিছে। কিয়নো সুৰা কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড বুলি চিহ্নিত কৰা হৈছিল কেজৰিৱাল। যাৰ বাবে জেলৰ ভাতো খাইছিল। ইডিয়ে ইতিমধ্যে এই গোচৰত কেজৰিৱালৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰিছে। মনিষ চিছ’দিয়াৰ বিৰুদ্ধেও গোচৰ চলাবলৈ অনুমতি দিছে গৃহ মন্ত্ৰালয়ে। ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিপদ বৃদ্ধি পাইছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত কেজৰিৱাল আৰু মনীষ চিছ’দিয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ গৃহ মন্ত্ৰালয়ে বলৱৎকাৰী সঞ্চালকালয়ক অনুমতি প্ৰদান কৰিছে। ইতিমধ্যে ইডিয়ে কেজৰিৱালক এই কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড আখ্যা দি তেওঁৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ইয়াৰ উপৰি মনীষ চিছ’দিয়াৰ বিৰুদ্ধেও গোচৰ চলাবলৈ অনুমতি দিয়া হৈছে। এই পদক্ষেপ দিল্লী চৰকাৰৰ বাবে এক ডাঙৰ ৰাজনৈতিক প্ৰত্যাহ্বান হৈ উঠিব পাৰে। কাৰণ দুয়োজন নেতাৰ বিৰুদ্ধে গোচৰে নিৰ্বাচনৰ সময়ত তেওঁলোকৰ স্থিতি অধিক কঠিন কৰি তুলিব পাৰে। এই ঘটনাই দিল্লীৰ ৰাজনীতিত এক নতুন মোৰ আনিব পাৰে।

You might also like