নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লাভ জেহাদ’ৰ বিৰুদ্ধে বিধেয়ক ইউপিত

বেআইনী ধর্মান্তৰকৰণৰ বাবে অভিযুক্তক ৫ বছৰলৈকে কাৰাবাস

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ‘লাভ জেহাদ’ৰ বিৰুদ্ধে উত্তৰ প্রদেশ চৰকাৰে এখন বিধেয়ক গৃহীত কৰিলে৷ এই বিধেয়কৰ জৰিয়তে বেআইনীভাৱে ধর্মান্তৰকৰণ কৰা অভিযুক্তক ৫ বছৰলৈকে কাৰাদণ্ড দিয়া হ’ব৷ বলপূর্বকভাৱে ধর্মান্তৰকৰণ প্রক্রিয়া চলি থকাৰ বাবে উত্তৰ প্রদেশ চৰকাৰে  এই বিধেয়কখন গৃহীত কৰে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে লাভ জেহাদক লৈ আইন প্রস্তুত কৰিম বুলি ঘোষণা কৰাৰ দুদিন পিছতেই  চৰকাৰে বিধেয়কখন গৃহীত কৰে৷

কেবিনেট মন্ত্রী সিদ্ধার্থ নাথ সিঙে প্রকাশ কৰা মতে বেআইনীভাৱে ধর্মান্তৰকৰণৰ বিৰুদ্ধে ইউ পি কেবিনেটে অধ্যাদেশ জাৰি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই আইন উলংঘনকাৰীক কাৰাদণ্ড দিয়াৰ লগতে ১৫ হাজাৰ টকাকৈ জৰিমনা বিহাৰো ব্যৱস্থা আছে৷ শিশু আৰু এছ চি/এছ টি সম্প্রদায়ৰ মহিলাক বলপূর্বকভাৱে ধর্মান্তৰকৰণ কৰিলে ২৫ হাজাৰ টকা জৰিমনাসহ কাৰাদণ্ড বিহা হ’ব৷

উল্লেখ্য যে উত্তৰ প্রদেশত বেআইনীভাৱে ধর্মান্তৰকৰণৰ প্রতিৰোধ কৰাৰ বাবে চৰকাৰে বিধেয়ক গৃহীত কৰি অধ্যাদেশ জাৰি কৰাৰ পূর্বে দেশৰ কেইবাখনো ৰাজ্যত এনে কার্য ৰোধৰ বাবে আইন বলৱৎ হৈ আছে৷ ধর্মান্তৰকৰণবিৰো আইন প্রযোজ্য হৈ থকা ৰাজ্যকেইখন হৈছে অৰুণাচল প্রদেশ, ওড়িশা, মধ্য প্রদেশ, গুজৰাট, ছত্তিশগড়, হিমাচল প্রদেশ, উত্তৰাখণ্ড আৰু ঝাৰখণ্ড৷

You might also like