নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব ভগ্নীসহ অভিনেত্রী কংগনা

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ ছ’চিয়েল মিডিয়াত প্রৰোচনামূলক বক্তব্যৰ বাবে মুম্বাই আৰক্ষীয়ে ৰুজু কৰা গোচৰ বোম্বাই উচ্চ ন্যায়ালয়ে বাতিল নকৰি ভগ্নীসহ অভিনেত্রী কংগনা ৰানাৱতক অহা ৮ জানুৱাৰীৰ ভিতৰত আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিছে৷

মুম্বাই আৰক্ষীৰ তিনিখন চমনৰ পিছতো ভগ্ণীসহ কংগনাই আৰক্ষীৰ সন্মুখত হাজিৰ নহৈ বোম্বাই উচ্চ ন্যায়ালয়ত উল্লিখিত গোচৰটো বাতিল কৰাৰ বাবে আবেদন জনাইছে৷ আজি বোম্বাই উচ্চ ন্যায়ালয়ত পৰিয়ালৰ বিবাহৰ বাবে ভগ্নী আৰু কংগনাই আৰক্ষীৰ সন্মুখত হাজিৰ হোৱা নাই বুলি অধিবক্তাই যুক্তি প্রদর্শন কৰে যদিও ন্যায়ালয়ে তাক গ্রহণ নকৰিলে৷

তদুপৰি অধিবক্তাগৰাকীক আৰক্ষীৰ চমনক সন্মান জনাবলৈ যুক্তি দিয়ে৷ ইয়াৰ পিছতেই ন্যায়ালয়ৰ বিচাৰপীঠে ৮ জানুৱাৰীৰ ভিতৰত ভগ্নীসহ কংগনাক মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’বলৈ নির্দেশ দিয়ে৷

You might also like