নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ ফেব্ৰুৱাৰীঃ বিশ্বৰ বৃহত্তম সমাৱেশ হিচাপে চর্চিত হৈছে প্রয়াগৰাজৰ মহাকুম্ভমেলা৷ একতা আৰু বিশ্ব এক পৰিয়াল বার্তাৰে আয়োজিত উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ মহাকুম্ভমেলাই ধর্মৰ পৰিধি ভাঙি বিশাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছে৷ দেশ–বিদেশৰ কোটি কোটি ভক্তই প্রয়াগৰাজৰ ত্রিবেণী সংগমত অমৃত স্নান কৰি আধ্যাত্মিক ভাবত বুৰ যোৱাৰ সমান্তৰালকৈ প্রয়াগৰাজকে ধৰি অঞ্চলটোত বিপুল পৰিমাণৰ ৰাজহ সংগ্রহ হৈছে৷ ৰাজ্যখনৰ অর্থনীতিলৈ বিপুল ৰাজহ আহিছে৷ ১৫০০ কোটি টকা ব্যয় সাপেক্ষে আয়োজন কৰা মহাকুম্ভমেলাত তিনি লাখ কোটি টকা উপার্জন হৈছে৷ মুখ্যমন্ত্রী যোগী আদিত্য নাথে ৰাজ্যখনৰ বাজেট অধিৱেশনত এই তথ্য প্রকাশ কৰিছে৷ ধর্মীয় উৎসৱৰ সমান্তৰালকৈ বাণিজ্যৰ উৎসৱতো পৰিণত হৈছে প্রয়াগৰাজৰ মহাকুম্ভমেলা৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে প্রকাশ কৰাৰ পূর্বে কনফেডাৰেচনছ অৱ অল ইণ্ডিয়া ট্রেডার্ছে ইতিমধ্যে ডেৰ হাজাৰ কোটি ব্যয়সাপেক্ষ মহাকুম্ভ মেলাৰ পৰা তিনি লাখ কোটি টকা ৰাজ্যৰ কোষাগাৰত জমা হৈছে বুলি প্রকাশ কৰিছে৷ প্রয়াগৰাজৰ উপৰি বাৰানসী–অযোধ্যাসহ ডেৰশ কিলোমিটাৰজুৰি বিশাল ব্যৱসায় হৈছে৷ দেশৰ একমাত্র অনুষ্ঠান হিচাপে এনেধৰণৰ বিপুল পৰিমাণৰ ব্যৱসায় হোৱাটো নজিৰবিহীন৷ উল্লেখ্য যে যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই মহাকুম্ভ মেলা ২৬ ফেব্রুৱাৰীত সামৰণি পৰাৰ কথা আছিল যদিও ভক্তৰ ভিৰৰ প্রতি লক্ষ্য ৰাখি পুনৰ দুদিন সম্প্রসাৰণ কৰা হৈছে৷ শোকাৱহ পদপিষ্টৰ ঘটনা, কুম্ভমেলাস্থলীত অগ্ণিকাণ্ডয়ো ভক্তৰ উছাহক ম্লান পেলাব পৰা নাই৷ তথ্য মতে, মহাকুম্ভমেলাত প্রায় ৫০ কোটি লোকে অমৃত স্নানত অংশ লৈছে৷