মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে মোহন যাদৱৰ শপত গ্ৰহণ
বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে ড০ মোহন যাদৱে। ৰাজ্যপাল মাংগু ভাই ছগন ভাই পেটেলে তেওঁক শপত গ্ৰহণ কৰিছে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ সকলো জ্যেষ্ঠ নেতা আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। ৰাজধানী ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত শপতগ্ৰহণ সভা অনুষ্ঠিত হয়। মোহন যাদৱৰ উপৰি ৰাজেন্দ্ৰ শুক্লা আৰু জগদীশ দেওৰাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। এই অনুষ্ঠানটোক আড়ম্বৰপূৰ্ণ কৰি তোলা হৈছিল। বিজেপিৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ, উত্তৰাখণ্ডৰ পুষ্কৰ ধামী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিৰ উপৰি বহু ডাঙৰ নেতাই শপত গ্ৰহণত অংশগ্ৰহণ কৰিছে। বিজেপিৰ মধ্যপ্ৰদেশ সভাপতি বিষ্ণু দত্ত শৰ্মা আৰু বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে এই অনুষ্ঠানৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছিল। উল্লেখ্য যে জল্পনা-কল্পনাৰ অন্ত পেলাই সোমবাৰে বিজেপিয়ে যাদৱক ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে আৰু দলৰ প্ৰবীণ শিৱৰাজ সিং চৌহানে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ অভিলেখ সৃষ্টি কৰাত ব্যৰ্থ হয়। সোমবাৰে এখন বৈঠকৰ সময়ত সৰ্বসন্মতিক্ৰমে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা নৱনিৰ্বাচিত বিধায়ক নৰেন্দ্ৰ সিং টোমাৰ নতুন বিধানসভাৰ অধ্যক্ষ হ’ব। যাদৱক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ঘনিষ্ঠ বুলি গণ্য কৰা হয় আৰু তেওঁ নিজেই মুখ্যমন্ত্ৰী হোৱাৰ আশা কৰা হোৱা নাছিল। তেওঁ ৰাজ্যখনৰ ৪৮ শতাংশতকৈ অধিক জনসংখ্যাৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC) সম্প্ৰদায়ৰ অন্তৰ্গত। সোমবাৰে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পিছত যাদৱে ৰাজ্যপাল মংগুভাই পেটেলক সাক্ষাৎ কৰি পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে অনুমতি বিচাৰে। ২০১৩ চনত প্ৰথমবাৰৰ বাবে উজ্জয়ন দক্ষিণ আসনৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল যাদৱ। ২০১৮ চনত আৰু পুনৰ ২০২৩ চনত তেওঁ বিধানসভাৰ আসনখন অক্ষুণ্ণ ৰাখিছিল। যোৱা মাহৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যৰ ২৩০খন বিধানসভা আসনৰ ভিতৰত ১৬৩খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠন কৰে।
#বাৰ্তা ডেস্ক