নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য লোকসভা নিৰ্বাচন : বিজেপিৰ বৃহৎ বৈঠক আহ্বান সভাপতি নাড্ডাৰ

বিশেষ বাৰ্তা, ১৩ ডিচেম্বৰঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ২২-২৩ ডিচেম্বৰত দলটোৰ এখন বৃহৎ বৈঠক আহ্বান কৰিছে। এই বৈঠকত সকলো দলৰ সকলো ৰাষ্ট্ৰীয় নেতা, ৰাজ্যিক সভাপতি, ৰাজ্যিক সংগঠন মন্ত্ৰী, ৰাজ্যিক প্ৰভাৰী, সহঃ ভাৰপ্ৰাপ্ত আৰু সকলো মৰ্চাৰ সভাপতিকো নিমন্ত্ৰণ কৰা হৈছে। এই বৈঠকত জে পি নড্ডাৰ নেতৃত্বত অনুষ্ঠিত হ’ব আৰু লোকসভা নিৰ্বাচনত ৩২৫খন আসন লাভৰ লক্ষ্যৰ ওপৰত এই বৈঠকত আলোচনা কৰা হ’ব। যোৱা মাহত নৱেম্বৰ মাহত পাঁচখন ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড়, তেলেংগানা আৰু মিজোৰামত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। যাৰ ফলাফল চলিত মাহৰ ৩ ডিচেম্বৰত ঘোষণা কৰা হয়। পাঁচখনৰ ভিতৰত বিজেপিয়ে তিনিখন হিন্দী বলয়ৰ ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত শক্তিশালী জয়লাভ কৰি তিনিওখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদৰ বাবে নতুন মুখক সুযোগ প্ৰদান কৰে। এনে পৰিস্থিতিত অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এয়া বিজেপিৰ এক ডাঙৰ পদক্ষেপ বুলি কোৱা হৈছে। লোকসভা নিৰ্বাচনৰ আভ্যন্তৰীণ বৈঠকত জে পি নড্ডাই ৩৫ কোটি ভোটাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ২০১৯ চনত বিজেপিয়ে প্ৰায় ২২ কোটি ভোট লাভ কৰিছিল। এই লক্ষ্য কেৱল সপোন নহয়, ইয়াৰ বাবে ইতিমধ্যে বিজেপিৰ প্ৰায়বোৰ জিলা কাৰ্যালয়ত ৩০০ৰো অধিক কল চেণ্টাৰে কাম কৰি আছে আৰু জিলাখনৰ কৰ্মী আৰু বিধায়কসকলে জনসংযোগ গঢ়ি তুলিছে।

#বাৰ্তা ডেস্ক

You might also like