নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নিৰ্বাচনত জয়ী হৈ সাংসদ পদ ত্যাগ সাংসদৰ

বিশেষ বাৰ্তা, ৬ ডিচেম্বৰঃ শেহতীয়াকৈ সমাপ্ত হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে তিনিখন ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তিশগড়ত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। এই ৰাজ্যসমূহত দলটোৱে কেইবাগৰাকীও সাংসদক ৰণত নমাইছিল। পিছত নিৰ্বাচনত জয়ী হৈ আজি সাংসদকেইগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি ১০জন সাংসদে পদত্যাগ দাখিল কৰে। এই সাংসদসকলৰ ভিতৰত মধ্যপ্ৰদেশৰ পৰা নৰেন্দ্ৰ সিং টোমৰ, প্ৰহ্লাদ সিং পেটেল, ৰাকেশ সিং, উদয় প্ৰতাপ আৰু ৰীতি পাঠক, ছত্তিশগড়ৰ পৰা অৰুণ সাও আৰু গোমতি সাই আৰু ৰাজস্থানৰ পৰা ৰাজ্যবৰ্ধন সিং ৰাথোৰ, দিয়া কুমাৰী আৰু কিৰোৰী লাল মীনা। বিজেপিয়ে ৪খন ৰাজ্য, মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনত ২১জন সাংসদক বিধায়কৰ টিকট দিছিল। এতিয়া বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱা সাংসদসকলক বিজেপি হাইকমাণ্ডে সাক্ষাৎ কৰি সংসদৰ সদস্যপদ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। দলৰ সভাপতি জে পি নাড্ডাৰ লগতে সকলো সংসদ সদস্যই লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ সিং ধনখৰক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰে। অৱশ্যে দুই সাংসদ বাবা বালাকনাথ আৰু ৰেণুকা সিঙে এতিয়াও পদত্যাগ পত্ৰ দাখিল কৰা নাই। তেতিয়াৰ পৰাই জল্পনা-কল্পনা অব্যাহত আছে। কাৰণ ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ দৌৰত বাবা বালাকনাথৰ নাম সংযোজন কৰা হৈছে, যদি তেওঁ সংসদৰ সদস্যপদ এৰি দিয়া নাই তেন্তে তেওঁৰ নাম এই দৌৰৰ বাহিৰত। মধ্যপ্ৰদেশৰ নৰসিংপুৰৰ পৰা বিধায়ক নিৰ্বাচনত জয়ী হোৱা কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা প্ৰহ্লাদ সিং পেটেলে কয় যে মই অতি সোনকালে কেবিনেট মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিম।

#বাৰ্তা ডেস্ক

You might also like