নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংসদৰ দৰমহা ২৪ শতাংশ বৃদ্ধি, বাঢ়িল দৈনিক ভাট্টা–পেন্সনো

নিউজ ডেস্ক, ২৫ মার্চঃ সাংসদৰ দৰমহা ২৪ শতাংশ বৃদ্ধি কৰা হৈছে৷ তেনেদৰে বৃদ্ধি কৰা হৈছে দৈনিক ভাট্টা আৰু পেন্সনো৷ কেন্দ্রীয় চৰকাৰে এই অধিসূচনা জাৰি কৰিছে৷ জীৱন যাপনৰ ব্যয় আৰু মুদ্রাস্ফীতি বৃদ্ধি হোৱাৰ কাৰণেই সাংসদৰ দৰমহা বৃদ্ধিত সংসদীয় কমিটীয়ে অনুমোদন জনোৱাৰ পাছতেই কেন্দ্রীয় চৰকাৰে সাংসদৰ মাহিলি দৰমহা, দৈনিক ভাট্টা আৰু পেন্সন বৃদ্ধিৰ অধিসূচনা জাৰি কৰে৷ অহা ১ এপ্রিলৰ পৰা বলৱৎ হ’বলগীয়া এই নতুন দৰমহা অনুসৰি সাংসদে বর্তমানে লাভ কৰি থকা মাহিলি দৰমহা ১ লাখ টকাৰ পৰিৱর্তে ১ লাখ ২৪ হাজাৰ টকা লাভ কৰিব৷ ঠিক তেনেদৰে দৈনিক ভাট্টা দুই হাজাৰৰ পৰা আঢ়ৈ হাজাৰ আৰু মাহিলি পেন্সন ২৫ হাজাৰৰ পৰা ৩১ হাজাৰলৈ বৃদ্ধি কৰা হৈছে৷ সাংসদৰ পেন্সন বৃদ্ধি কৰাৰ বাবেই দেশজুৰি কেইবাশ সাংসদৰ পেন্সনৰ ধন বৃদ্ধি পাব৷ সাংসদৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তক বিৰোধী দলৰ নেতায়ো আদৰণি জনাইছে৷ অৱশ্যে একাংশই এনে সিদ্ধান্তত বৃহৎ স্বচ্ছতা আৰু ৰাজহুৱা নিৰীক্ষণৰ ব্যৱস্থা থাকিব লাগিছিল বুলিও মন্তব্য কৰিছে৷ যি সময়ত চৰকাৰে ঋণৰ বোজা কঢ়িয়াবলগীয়া হৈছে সেই সময়ত সাংসদৰ দৰমহা বৃদ্ধিক লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷

You might also like