নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CRPF জোৱানক গ্ৰেপ্তাৰ NIAৰ, দেশৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ, চাকৰিৰ পৰা বৰ্খাস্ত

জ্যোতি মালহোত্ৰা নামৰ ইউটিউবাৰ এজনকো চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ

CRPF জোৱানক গ্ৰেপ্তাৰ NIAৰ, দেশৰ গোপন তথ্য পাকিস্তানলৈ প্ৰেৰণ, চাকৰিৰ পৰা বৰ্খাস্ত

নিউজ ডেস্ক, ২৪ মেঃ দিল্লীৰ পৰা ৰাষ্ট্ৰীয় তদন্ত সংস্থাই এজন চিআৰপিএফ জোৱানক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ কৰা হৈছে যে তেওঁ আগতে দেশখনৰ সৈতে জড়িত স্পৰ্শকাতৰ তথ্য পাকিস্তানলৈ প্ৰেৰণ কৰিছিল। প্ৰতিবেদন অনুসৰি জোৱানজনে তথ্য প্ৰেৰণৰ বাবে ধন লাভ কৰিছিল। এই কামৰ বাবে তেওঁ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল। অপাৰেচন সিন্দূৰৰ পিছত দেশৰ পৰা ধৰা পৰিছে বহু চোৰাংচোৱা। শেহতীয়াকৈ জ্যোতি মালহোত্ৰা নামৰ ইউটিউবাৰ এজনকো চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

চি আৰ পি এফ জোৱানক জেৰা আৰম্ভ কৰিছে NIAই। ছ’চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাৰ এজনৰ সংস্পৰ্শলৈ আহিছিল। খবৰ অনুসৰি জোৱানজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশৰ সৈতে জড়িত চোৰাংচোৱা তথ্য প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ টকাও পাইছিল।

গ্ৰেপ্তাৰৰ পিছত চি আৰ পি এফৰ নিয়ম অনুসৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে জোৱানজনক। অভিযুক্তগৰাকীয়ে পাকিস্তানত বহি থকা তেওঁৰ হেণ্ডলাৰলৈ বহু স্পৰ্শকাতৰ তথ্য প্ৰেৰণ কৰিছিল। অপাৰেচন সিন্দূৰৰ পিছত ভাৰতত ধৰা পৰিছে বহু চোৰাংচোৱা। ইয়াত আটাইতকৈ জনপ্ৰিয় নাম হৈছে জ্যোতি মালহোত্ৰা। ইউটিউবাৰ জ্যোতিয়ে পাকিস্তানলৈ চোৰাংচোৱাৰ তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতত থকা পাকিস্তান উচ্চায়ুক্তৰ জৰিয়তে পাকিস্তানৰ চোৰাংচোৱা বিষয়াৰ সংস্পৰ্শলৈ আহিছিল।

উল্লেখ্য যে ভাৰতে অপাৰেচন সিন্দূৰৰ জৰিয়তে পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লয়। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত বহু সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে। ইয়াৰ পিছত পাকিস্তানী সেনাই ভাৰতৰ বহু চহৰত আক্রমণ কৰিবলৈ চেষ্টা কৰিছিল, যিটো ভাৰতীয় সেনাই বিফল কৰিছিল। শেষত পাকিস্তানে যুদ্ধবিৰতি কৰিবলৈ বাধ্য হ’ল।

You might also like