নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত হঠাত বৃদ্ধি ক’ভিড আক্ৰান্ত-ৰ সংখ্যা, বৰ্তমান ১,০৪৭জন

দেশত হঠাত বৃদ্ধি ক’ভিড আক্ৰান্ত-ৰ সংখ্যা, বৰ্তমান ১,০৪৭জন

নিউজ ডেস্ক, ২৮ মে’ : দেশত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে আহি আছে ক’ভিড আক্ৰান্ত ৰোগী। আজি পুৱালৈকে ভাৰতত ১০৪৭জন সক্ৰিয় ৰোগী ধৰা পৰে। মহাৰাষ্ট্ৰত ৬৬জন আৰু উত্তৰ প্ৰদেশত ১০জন নতুনকৈ আক্ৰান্ত হৈছে। ক’ভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যাও ১১জনলৈ বৃ্দ্ধি পাইছে। দেশত ক’ভিড-১৯ৰ বাবে প্ৰতিৰোধমূলক প্ৰস্তুতি আৰম্ভ হৈছে। বহু ৰাজ্যই চিকিৎসালয়লৈ গাইডলাইন জাৰি কৰিছে।

স্বাস্থ্য মন্ত্ৰালয়ে ২৬ মে’লৈকে তথ্য আপডেট কৰিছিল। দেশত ১০১০জন সক্ৰিয় ৰোগী আছে বুলি জনাইছিল যদিও এতিয়া ইয়াৰ সংখ্যা বৃদ্ধি পাইছে। মহাৰাষ্ট্ৰত নতুনকৈ ৬৬জন লোক আক্ৰান্ত হৈছে, ইয়াৰে ৩১জন ৰোগী মুম্বাই চহৰৰ। ইয়াত যদি আমি মুঠ সক্ৰিয় ৰোগীৰ কথা কওঁ তেন্তে ৩২৫জন হৈ পৰিছে। মুম্বাইত বৃদ্ধি পোৱা ক’ৰোনা ৰোগীৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। জে জে হাস্পতালত ১৫খন বিছনাযুক্ত আইছ’লেচন ৱাৰ্ড নিৰ্মাণ কৰা হৈছে।

উত্তৰ প্ৰদেশতো বৃদ্ধি পাইছে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ২৬ মে’লৈকে ইয়াত ১৫টা সক্ৰিয় ৰোগী আছিল, যিবোৰ এতিয়া আৰু ১০টা বৃদ্ধি পাইছে। গাজিয়াবাদতো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰ’না আক্ৰান্ত। কৰ’না ৰোগীৰ সংখ্যা ১৪ জন। হোম আইছ’লেশ্যনত ১৩জন ৰোগী আৰু এজন ৰোগী চিকিৎসালয়ত ভৰ্তি হৈ আছে। গাজিয়াবাদতো এটা ৪ মহীয়া শিশু পজিটিভ ধৰা পৰিছে। ৰাজ্যৰ চিকিৎসালয়সমূহক ক’ৰোনা সন্দৰ্ভত সতৰ্ক কৰি দিয়া হৈছে।

সমগ্ৰ দেশত পুনৰবাৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। ৰাজস্থানত পুনৰ ক’ভিড সংক্ৰমণে টোকৰ মাৰিলে। যোৱা কেইদিনমানৰ ভিতৰত ৰাজ্যত মুঠ ৭জন নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে। এইবোৰত যোধপুৰতো সংক্ৰমণৰ ঘটনা পঞ্জীয়ন হৈছে, য’ত নৱজাতককে ধৰি বহু ৰোগীৰ ক’ভিড পজিটিভ পোৱা গৈছে।

You might also like