নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰলৈ ওম বিৰলা লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ জুনঃ একেৰাহে দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ওম বিৰলা। বুধবাৰে কণ্ঠস্বৰ ভোটৰ জৰিয়তে তেওঁ অধ্যক্ষ নিৰ্বাচিত হয়। নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সে (NDA) তৃতীয়বাৰৰ বাবে ৰাজস্থানৰ কোটাৰ পৰা সাংসদ ওম বিৰলাক প্ৰাৰ্থিত্ব দিছিল। আনহাতে INDIA ব্লকে কেৰালাৰ মাভেলীকাৰাৰ পৰা ৮বাৰৰ সাংসদ কোডিকুন্নিল সুৰেশক নিজৰ প্ৰাৰ্থী কৰি তুলিছিল। ওম বিৰলা অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “আপুনি দ্বিতীয়বাৰৰ বাবে এই আসনখন দখল কৰাটো সদনৰ সৌভাগ্য। মোৰ লগতে এই সমগ্ৰ সদনৰ পৰা আপোনালৈ বহুত শুভেচ্ছা। দ্বিতীয়বাৰৰ বাবে এই পদটো গ্ৰহণ কৰাটো আপোনাৰ বাবে এক বৃহৎ দায়িত্ব। আমাৰ সকলোৰে বিশ্বাস যে আগন্তুক ৫ বছৰত আপুনি আমাক সকলোকে পথ প্ৰদৰ্শন কৰিব।” ওম বিৰলা লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে তেওঁক অভিনন্দন জনাই কয় যে বিৰোধীয়ে আপোনাৰ কামত সহায় কৰিব বিচাৰিব। লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ পিছত ওম বিৰলাক অভিনন্দন জনাই ৰাহুল গান্ধীয়ে কয়, ‘দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে আপোনাক অভিনন্দন জনাব বিচাৰিছো। সমগ্ৰ বিৰোধী আৰু INDIA মিত্ৰজোঁটৰ হৈ আপোনাক অভিনন্দন জনাব বিচাৰিছোঁ। এই সদনে ভাৰতৰ জনসাধাৰণৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে আৰু আপুনি সেই কণ্ঠৰ চূড়ান্ত বিচাৰক। চৰকাৰৰ ৰাজনৈতিক ক্ষমতা আছে যদিও বিৰোধীয়েও ভাৰতবাসীৰ কণ্ঠক প্ৰতিনিধিত্ব কৰে আৰু এইবাৰ বিৰোধীয়ে যোৱাবাৰতকৈ অধিক ভাৰতীয় জনতাৰ কণ্ঠক প্ৰতিনিধিত্ব কৰিছে। বিৰোধীয়ে আপোনাৰ কামত সহায় কৰিব বিচাৰিব। আমি বিচাৰো যে সদন সঘনাই আৰু ভালদৰে কাম কৰক। সহযোগিতা বিশ্বাসৰ ওপৰত ভিত্তি কৰি হোৱাটো অতি প্ৰয়োজনীয়। এই সদনত বিৰোধীৰ কণ্ঠক প্ৰতিনিধিত্ব কৰাটো অতি প্ৰয়োজনীয়।”

You might also like