নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাকাংক্ষিত অভিলেখঃ দেশত প্রথমবাৰৰ বাবে ২৪ ঘণ্টাত আক্রান্ত এক লাখ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ এক ভয়াৱহ উদ্বেগজনক পৰিস্থিতিৰ দিশে আগবাঢ়িছে ভাৰত৷ ক’ভিড–১৯ৰ প্রাদুর্ভাৱৰ পাছত প্রথমবাৰলৈ মহামাৰী ভাইৰাছটোত আক্রান্তৰ সংখ্যা ১ লাখ অতিক্রম কৰিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতা ইমানেই দ্রুতগতিত বর্ধিত হৈছে যে প্রতিদিনেই আক্রান্তৰ সংখ্যাই অনাকাংক্ষিত অভিলেখ গঢ়ি গৈ আছে৷

বিগত বর্ষৰ ১৭ ছেপ্টেম্বৰত এদিনত সর্বাধিক আক্রান্ত ৯৭,৮৯৪জনৰ সংখ্যা অতিক্রম কৰি যোৱা ২৪ ঘণ্টাত দেশজুৰি ক’ভিড–১৯ত আক্রান্ত হৈছে ১,০৩,৫৫৮জন৷ ইয়াকে লৈ দেশত মুঠ আক্রান্তৰ সংখ্যা ১,২৫,৮৯,০৬৭লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত ৪৭৮জন লোকে প্রাণ হেৰুওৱাত মৃতকৰ সংখ্যা বৃদ্ধি পাই ১.৬৫ লক্ষাধিক হৈছে৷ যোৱা বর্ষৰ মার্চৰ পৰা দ্রুতগতিত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বর্ধিত হৈ অক্টোবৰৰ সামৰণিত প্রায় নিয়ন্ত্রিত হৈছিল যদিও চলিত বর্ষৰ ফেব্রুৱাৰীৰ পৰা দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ আৰম্ভ হয়৷ এই দ্বিতীয় জোৱাৰত সংক্রমণৰ মাত্রা এনেদৰে বর্ধিত হৈছে যে পূর্বৰ সকলো অভিলেখ ভংগ কৰি দেশত ক’ভিড–১৯ৰ শংকাময় পৰিৱেশ এটা সৃষ্টি কৰিছে৷

ইপিনে, ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰেও সংহাৰী ৰূপ লৈছে৷ বিগত বর্ষৰ তুলনাত দ্বিতীয় জোৱাৰত মহাৰাষ্ট্রত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে৷ প্রতিদিনে নতুন অভিলেখ গঢ়ি যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত আক্রাত হৈছে ৫৭,০৭৪জন৷ ইয়াৰ ভিতৰত ৰাজধানী মুম্বাইত সর্বাধিক ১১,১৬৩জন আক্রান্ত হৈছে৷

মন কৰিবলগীয়া যে ৰাজধানী মুম্বাইত মহামাৰী ভাইৰাছটোত সর্বাধিক লোক আক্রান্ত হৈছে৷ মুম্বাইত মুঠ আক্রান্তৰ সংখ্যা ৪,৫২,৪৪৫লৈ বৃদ্ধি পাইছে৷ ৰাজ্যখনত চৰকাৰে নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে সপ্তাহান্তিক লকডাউন বলৱৎ কৰিছে৷ শুকুৰবাৰে নিশা ৮ বজাৰ পৰা সোমবাৰে পুৱা ৭ বজালৈ প্রধান প্রধান চহৰত লকডাউন বলৱৎ কৰা হৈছে৷ মহাৰাষ্ট্রৰ উপৰি ছত্তিশগড়, পঞ্জাব, দিল্লী, কর্ণাটক, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, কেৰালা, গুজৰাট, তামিলনাডু আদিতো ক’ভিড–১৯ৰ সংক্রমণৰ মাত্রা বৃদ্ধি পাই আছে৷ ছত্তিশগড়, পঞ্জাব, কর্ণাটক, মধ্যপ্রদেশ, গুজৰাট আদি ৰাজ্যৰ প্রধান চহৰসমূহত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷

ইপিনে, দেশৰ ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত চাৰি সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে লকডাউনৰ পৰিৱর্তে সমগ্র ৰাজ্যবাসীক টিকাকৰণত গুৰুত্ব প্রদান কৰিছে৷ অৱশ্যে প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে৷ উত্তৰ প্রদেশ, তেলেংগানা আদি ৰাজ্যতো প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ পাঠদান বন্ধ কৰা হৈছে৷

মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ক’ৰোনা ভাইৰাছক লৈ গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ মহাৰাষ্ট্র, ছত্তিশগড় আৰু পঞ্জাবলৈ কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি দল প্রেৰণৰ সিদ্ধান্তও গ্রহণ কৰা হয়৷

উল্লিখিত ৰাজ্যকেইখনত আন ৰাজ্যৰ তুলনাত ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বর্ধিত হৈ আছে৷ বিগত ২৪ ঘণ্টাত ছত্তিশগড়ত ৫,২৫০, কর্ণাটকত ৪,৫৫৩ আৰু উত্তৰ প্রদেশত ৪,১৩৬জন লোক নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হৈছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে বিগত ২৪ ঘণ্টাত প্রথমবাৰৰ বাবে আক্রান্তৰ সংখ্যা ১ লাখ অতিক্রম কৰাৰ পাছত সম্প্রতি দেশত এই মহামাৰীত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৭.৪১ লাখলৈ বৃদ্ধি পাইছে৷

তথ্য মতে ১.১৬ কোটি লোক সুস্থ হৈ উঠিছে৷ আনপিনে, সোমবাৰে ক’ভিড–১৯ত আক্রান্ত হোৱা বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰক কালি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে৷ মহামাৰী ভাইৰাছটোত আক্রান্ত হোৱাৰ পাছতে ছুপাৰষ্টাৰ কুমাৰৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি সাৱধানতাৰ বাবে আজি চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে বুলি অভিনেতাগৰাকীয়ে নিজেই টুইটাৰযোগে প্রকাশ কৰিছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত বলীউডৰ কেইবাগৰাকীও ৰথী–মহাৰথী ইতিমধ্যে মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে আৰু সুস্থ হৈ উঠিছে৷ ইয়াৰ ভিতৰত ছুপাৰষ্টাৰ আমিৰ খান, ৰণবীৰ কাপুৰ, অভিনেতা গোবিন্দ, পৰেশ ৰাৱাল, কার্তিক আৰিয়ান, অভিনেত্রী আলিয়া ভাট, ফাতিমা চানা শ্বেখ অন্যতম৷

উল্লেখ্য যে ক’ৰোনা পৰিস্থিতিক লৈ অহা ৮ এপ্রিলত সকলো ৰাজ্যৰ মুখ্যমন্ত্রীৰ সৈতে বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷

You might also like