নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ মাজতে ৱাংখেড়েতে হ’ব মেচ

আই পি এলক লৈ সেউজ সংকেত মহাৰাষ্ট্র চৰকাৰৰঃ সন্তুষ্টি প্রকাশ বি চি চি আইৰ

নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ মহাৰাষ্ট্রত অভিলেখসংখ্যক লোক ক’ৰোনাত আক্রান্ত হোৱা সত্ত্বেও ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ মেচ মুম্বাইত অনুষ্ঠিত হোৱাটো খাটাং৷ ক’ভিডৰ নীতি–নিয়মৰ মাজত মুম্বাইত আই পি এলৰ মেচ আয়োজন কৰাৰ বাবে সেউজ সংকেত দিছে মহাৰাষ্ট্র চৰকাৰে৷ অৱশ্যে মহাৰাষ্ট্র চৰকাৰে এইটোও স্পষ্ট কৰি দিছে যে মুম্বাইত আই পি এলৰ মেচ অনুষ্ঠিত হোৱাৰ সময়ত ষ্টেডিয়ামত উপস্থিত থাকিব নোৱাৰিব কোনো দর্শক৷ আই পি এলৰ মেচ মুম্বাইত আয়োজন সন্দর্ভত মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রী নবাব মলিকে কয় যে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত আই পি এলৰ মেচ আয়োজন কৰাৰ বাবে বি চি চি আইক অনুমতি দিয়া হৈছে৷ মেচসমূহ কঠোৰ নীতি–নিয়মৰ মাজত অনুষ্ঠিত কৰিব লাগিব৷ মেচসমূহত যাতে কোনো দর্শক উপস্থিত নাথাকে তাৰ প্রতি তীক্ষ্ণ নজৰ ৰখা হ’ব৷ খেলুৱৈ আৰু বাকী ষ্টাফসমূহ জৈৱ সুৰক্ষিত পৰিৱেশত থাকিব লাগিব বুলি মহাৰাষ্ট্র চৰকাৰৰ মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷

প্রতিযোগিতাখনৰ খেলুৱৈ আৰু ছাপ’ট ষ্টাফসমূহক ক’ভিডৰ ভেকচিন প্রদান কৰিব লাগে বুলি বি চি চি আয়ে দাবী উত্থাপন কৰাৰ সন্দর্ভত মন্ত্রী নবাব মলিকে কয় যে আই চি এম আৰৰ গাইড লাইনৰ মতে আমি কাম কৰি যাব লাগিব৷ বর্তমান ৪৫ বছৰ ঊর্ধ্বৰ ব্যক্তিসকলক ক’ভিডৰ ভেকচিন দি থকা হৈছে৷ যদি আই চি এম আৰে নতুন গাইড লাইন জাৰি কৰে, তেতিয়াহ’লে আমি খেলুৱৈ আৰু ছাপ’ট ষ্টাফসমূহক ভেকচিন দিয়াৰ ব্যৱস্থা গ্রহণ কৰিম৷ ইফালে, মহাৰাষ্ট্র চৰকাৰৰ এই সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ মহাৰাষ্ট্র চৰকাৰৰ সেউজ সংকেতৰ পিছত নির্ধাৰিত সময়সূচী মতে আই পি এলখন অনুষ্ঠিত হ’ব বুলি সদৰী কৰি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে কয় যে পূর্বৰ সূচীমতেই আই পি এলৰ মেচকেইখন মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ মেচকেইখন আয়োজন কৰাৰ বাবে মহাৰাষ্ট্র চৰকাৰে আমাক সেউজ সংকেত দিছে৷ অৱশ্যে মেচকেইখন আয়োজনৰ সময়ত আমি কঠোৰ নীতি–নিয়ম পালন কৰিব লাগিব৷ উল্লেখ্য যে ৱাংখেড়েত ১০ আৰু ২৫ এপ্রিলৰ সময়ছোৱাত আই পি এলৰ ১০খন মেচ অনুষ্ঠিত হ’ব আৰু ১০ এপ্রিলৰ প্রথমখন মেচত চেন্নাই ছুপাৰ কিংছে দিল্লী কেপিটেলছৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷

You might also like