VP election : বিৰোধী জোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ঘোষণা, ৰাষ্ট্ৰীয় ৰাজনীতিত নতুন সমীকৰণ
VP election : ইণ্ডিয়া মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বি. সুদৰ্শন ৰেড্ডীয়ে। এই কথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এক সংবাদ মেলত ঘোষণা কৰে।
বিৰোধী দলৰ ইণ্ডিয়া মিত্ৰজোঁটে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি. সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰা হৈছে। কংগ্ৰেছৰ মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে তেওঁৰ নাম সৰ্বসম্মতিক্ৰমে চূড়ান্ত কৰা হৈছে।
সুদৰ্শন ৰেড্ডী এতিয়া ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোটৰ (এনডিএ) প্ৰাৰ্থী চি. পি. ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।
Niyomiya Barta Desk, 19 August