ছত্তিশগড়ৰ জশপুৰ জিলাৰ নাৰায়ণপুৰৰ ৰতনপাহলি জংঘল অঞ্চলত এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। গছত খুন্দিয়াই এখন এয়াৰক্ৰাফ্ট বিধ্বস্ত হোৱা বুলি খবৰ পোৱা গৈছে।
খবৰ অনুসৰি, খুৰাছাগাৰহা গাঁৱৰ ওচৰত উদ্ধাৰ অভিযান চলি থকাৰ সময়তে জংঘল অঞ্চলত এই এয়াৰক্ৰাফ্টখন দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাৰ পিছতে উদ্ধাৰ আৰু সহায়ৰ বাবে বিশেষ দল প্ৰেৰণ কৰা হৈছে।
জানিব পৰা মতে, এয়াৰক্ৰাফ্টখন মাটিৰ পৰা প্ৰায় ৩০ ফুট উচ্চতাত উৰি থকা অৱস্থাত হঠাতে গছত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হয়। ঘটনাটোৰ সত্যতা ইতিমধ্যে জশপুৰ জিলাৰ আৰক্ষী অধীক্ষকে নিশ্চিত কৰিছে।
আৰক্ষী অধীক্ষকে জনোৱা মতে, তেওঁ বৰ্তমান ঘটনাস্থলীৰ দিশে ৰাওনা হৈছে আৰু ঘটনাৰ বিষয়ে বিস্তৃত তথ্য সংগ্ৰহ কৰা হৈছে। দুৰ্ঘটনাত কিমান লোক হতাহত হৈছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।
ডিজিটেল ডেস্ক, ২০ এপ্ৰিল