নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যুতৰ ৬টা খুঁটা চুৰিৰ ‘শাস্তি’ ২০০ গছপুলি ৰোপণ

📌 অভিযুক্তই দুবছৰলৈ গছপুলি প্রতিপালন কৰিব লাগিব

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ বিদ্যুতৰ খুঁটা চুৰিৰ অভিযোগত এজন যুৱকক অভিনৱ শাস্তি প্রদান কৰিলে ওড়িশা উচ্চ ন্যায়ালয়ে৷ যুৱকজনক চর্তসাপেক্ষে জামিন দিছে ন্যায়ালয়ে৷ ন্যায়ালয়ৰ বিচাৰপতিয়ে নির্দেশ দিছে যে নিজৰ গাঁৱত ২০০ গছপুলি ৰোপণ কৰি আগন্তুক দুবছৰলৈ সেই পুলিসমূহ চোৱাচিতা কৰিব লাগিব যুৱকজনে৷ যোৱা ২৫ ডিচেম্বৰত মানস আটি নামৰ যুৱকজনৰ বিৰুদ্ধে বৈদ্যুতিক লাইনৰ ৬টা খুঁটা চুৰি কৰাৰ অভিযোগ উঠিছিল৷ এই খুঁটাসমূহৰ আনুমানিক মূল্য আছিল ২ লাখ টকা৷ ২ লাখ টকা মূল্যৰ বিদ্যুতৰ খুঁটা চুৰি হোৱাৰ লগে লগে সমগ্র অঞ্চলটোত সৃষ্টি হয় হাহাকাৰ৷ আৰক্ষী বিভাগত গাঁৱৰ ৰাইজে দাখিল কৰে অভিযোগ৷ এই ঘটনা সন্দর্ভত তদন্ত চলাই আৰক্ষীয়ে মানস আটি নামৰ যুৱকজনক গ্রেপ্তাৰ কৰে৷ কালি এই গোচৰটোৰ শুনানি চলিছিল উচ্চ ন্যায়ালয়ত৷ ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনায় মানস আটিৰ অধিবক্তাই৷ বিচাৰপতি এছকে পাণিগ্রাহীয়ে গোচৰটোৰ শুনানি গ্রহণ কৰাৰ পিছত মানসক চর্ত সাপেক্ষে জামিন দিয়াৰ সিদ্ধান্ত লয়৷ অভিযুক্তৰ জামিন মঞ্জুৰ কৰি ন্যায়াধীশ পাণিগ্রাহীয়ে নির্দেশ দিয়ে যে নিজৰ গাঁৱত মানসে ২০০ গছপুলি ৰোপণ কৰিব লাগিব৷ এই গছপুলিসমূহৰ দুবছৰলৈকে আবদাৰ কৰিব লাগিব অভিযুক্তই৷ অকল সেয়াই নহয়, প্রতি দুসপ্তাহৰ মূৰে মূৰে আৰক্ষীৰ ওচৰত হাজিৰ হ’ব লাগিব অভিযুক্ত মানস৷ লক্ষণীয়ভাৱে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আম তথা অন্যান্য ফলৰ গছ ৰোপণ কৰাৰ নির্দেশ দিছে মানসক৷ ইয়াৰ উপৰি নিম তথা বিভিন্ন ঔষধি গছৰ পুলিও ৰোপণ কৰিব লাগিব অভিযুক্তই৷ এইক্ষেত্রত স্থানীয় আৰক্ষী, বন বিভাগ আৰু ৰাজহ বিভাগে মানসক সহায় কৰিব লাগিব৷ লক্ষণীয়ভাৱে গছপুলিবোৰ জিলাৰ নার্ছাৰীক যোগান ধৰিবলৈও নির্দেশ দিছে ন্যায়ালয়ে৷ ন্যায়ালয়ৰ এনে ৰায়ক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ ন্যায়াধীশগৰাকীয়ে এই সন্দর্ভত মন্তব্য কৰিছে যে পৰিৱেশ ৰক্ষাৰ বিষয়টোত জড়িত কৰাবলৈ অভিযুক্তক এই শাস্তি প্রদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে অভিযুক্তৰ সংস্কাৰ হ’ব বুলিও ধাৰণা কৰিছে ন্যায়ালয়ে৷ কাৰণ দুবছৰ ধৰি এই পুলিসমূহৰ প্রতিপালন কৰিব লাগিব অভিযুক্ত মানসে৷

You might also like