৩৭০ প্রত্যাহাৰৰ পিছত প্রথমবাৰলৈ শ্রীনগৰত প্রধানমন্ত্রী মোদী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ মাৰ্চঃ সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ পাছত গঠিত কেন্দ্রীয় শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ শ্রীনগৰত প্রথমবাৰৰ বাবে উন্নয়নমূলক প্রকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ শ্রীনগৰৰ বক্সি ষ্টেডিয়ামত বিশাল জনসভা সম্বোধনৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে জম্মু–কাশ্মীৰৰ কাৰণে ৫ হাজাৰ কোটি টকীয়া ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্রকল্প উদ্বোধন কৰে৷ বিশাল জনসভা সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়– অনুচ্ছেদ ৩৭০ প্রত্যাহাৰৰ পাছত জম্মু–কাশ্মীৰ বিকাশৰ নতুন শিখৰত উপনীত হৈছে৷ কংগ্রেছে জম্মু–কাশ্মীৰৰ জনতাক বিপথে পৰিচালিত কৰাই নহয়, সমগ্র দেশকে অনুচ্ছেদ ৩৭০ক লৈ বিপথে পৰিচালিত কৰিছে৷ বক্সি ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি প্রধানমন্ত্রী শ্রীনগৰৰ নাগৰিকসকলক লৈ তেওঁ সদায়ে উৎসাহী বুলি অভিনন্দন জনায়৷ প্রধানমন্ত্রী মোদীয়ে কয়– ২৮৫ ব্লকৰ এক লাখতকৈও অধিক আজি ভার্চুৱেলি মোৰ সৈতে সংযোগ হৈছে৷ জম্মু–কাশ্মীৰৰ এই লোকসকলক মই ধন্যবাদ জনাইছো৷ এয়া হৈছে নতুন কাশ্মীৰ৷ দশক দশক ধৰি যিটো আমি অপেক্ষা কৰি আছিলো৷ এয়া হৈছে নতুন জম্মু–কাশ্মীৰ৷ যাৰ কাৰণে ড০ শ্যামাপ্রসাদ মুখার্জীয়ে তেওঁৰ জীৱন বলি দিছিল৷ এই নতুন কাশ্মীৰৰ ভৱিষ্যৎ উজ্জ্বল আৰু সকলো প্রত্যাহ্বান আঁতৰাই সাহসেৰে আগবাঢ়ি যোৱা আপোনালোকৰ সুখী মুখ দেখিছো৷ দেশৰ ১৪০ কোটি জনতাই সন্তুষ্ট হৈছে৷ তদুপৰি জম্মু–কাশ্মীৰৰ সফলতাৰ কাহিনী বিশ্বৰ কাৰণে আকর্ষণীয় হ’ব বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– অঞ্চলটোৰ হ্রদৰ সকলোতে পদুম ফুল দেখিছো৷ ৫০ বছৰ পূর্বে স্থাপিত জম্মু–কাশ্মীৰ ক্রিকেট সংস্থাৰ লগ’তো পদুম আছে৷ এয়া হৈছে প্রকৃতিৰ চিহ্ণ আৰু বিজেপিৰ প্রতীকৰ মাজত সমিলমিল৷ জম্মু–কাশ্মীৰৰ পদুম আৰু বিজেপিৰ পদুমাৰ মাজত গভীৰ সম্পর্ক আছে৷ জম্মু–কাশ্মীৰৰ লোকক সদায়ে তেওঁ নিজৰ পৰিয়ালৰ বুলি মানি অহা বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয়– মোৰ হূদয়ত জম্মু–কাশ্মীৰৰ লোক আছে৷ কাশ্মীৰীৰ হূদয়তো আছে৷ মে হু মোদী কা পৰিবাৰৰ ধাৰণা৷