ধ্বংসস্তূপত পৰিণত ৱায়নাড় কাইলৈ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ আগষ্টঃ কাইলৈ কেৰালাৰ ৱায়নাড়ৰ ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱা ধ্বংসলীলাৰ আকাশীযান পৰা জৰীপ কৰিব। ৩০ জুলাইত কেৰালাৰ ৱায়নাড় জিলাত প্ৰবল বৰষুণৰ ফলত ভূমিস্খলন হয়। ৩৯২জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হোৱাৰ বিপৰীতে ১৫০জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি কমেও ২৭৩জন লোক আহত হৈছে। সেনা জোৱান, এছ অ’জিৰ বিষয়া আৰু বন বিষয়াৰ এটা বিশেষ দলে সুজিপাৰাৰ ছানৰাইজ ভেলীত বনাঞ্চলৰ ভিতৰত তালাচী অভিযান চলাই আছে। ৩০ জুলাইৰ পিছত আৰম্ভ হোৱা দহদিনীয়া উদ্ধাৰ অভিযানৰ অন্তত ভাৰতীয় সেনা শীঘ্ৰে ৱায়নাড়ৰ পৰা উভতি আহিব। আশা কৰা হৈছে যে সেনাই উদ্ধাৰ অভিযান এনডিআৰএফ, এছডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী আৰু কেৰালা আৰক্ষীক অৰ্পণ কৰিব। ইছৰোৰ বিশ্লেষণত দেখা গৈছে যে এই ভূমিস্খলনে ৮ কিলোমিটাৰ বিস্তৃতিৰে ৮৬ হাজাৰ বৰ্গমিটাৰ অঞ্চল সামৰি লৈছিল।