কভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ মাৰ্চঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা আক্ৰান্ত হৈছে কৰ’না ভাইৰাছত। ছচিয়েল মিডিয়া প্লেটফৰ্মত এই তেওঁ নিজেই সদৰী কৰিছে। তেওঁ কয়, মই আইছোলেচনত আছো আৰু চিকিৎসকৰ পৰামৰ্শ সম্পূৰ্ণৰূপে মানি চলিছো আৰু ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে আগন্তুক সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিম। স্বাস্থ্যৰ অলপ অসুবিধাৰ বাবে পৰীক্ষা কৰোঁতে কভিড পজিটিভ পায় মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে প্রাক্তন মুখ্যমন্ত্রী অশোক গেহলটে মুখ্যমন্ত্রী ভজনলাল শর্মা কৰ’না পজিটিভ হোৱাৰ খবৰ পোৱাৰ পিছতে আশু আৰোগ্য কামনা কৰে৷