নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামৰ নামত দুই মুৰব্বীয়ে উৎসর্গা কৰিলে নিজৰ আসন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ ‘প্রভু ৰাম’–এ চলাইছে কার্যালয় এই বিশ্বাসতে ৰামৰ ছবি নিজৰ আসনত বহালে উত্তৰ প্রদেশৰ প্রতাপগড় জিলাৰ নগৰ পঞ্চায়তৰ ২ বিষয়ববীয়াই৷ এগৰাকী হৈছে গাডৱাৰা নগৰ পঞ্চায়তৰ মুৰব্বী সীমা সিং আৰু আনগৰাকী সদৰ উন্নয়ন খণ্ডৰ মুৰব্বী শেষা দেৱী৷ তেওঁলোকৰ দাবী– ‘প্রভু ৰামে আমাৰ পঞ্চায়তৰ সমস্ত প্রশাসনিক দায়িত্ব চম্ভালি আছে৷ আমি মাত্র প্রতিনিধিত্বহে কৰিছোঁ৷’ দুই বিষয়ববীয়াই তেওঁলোকে বহাৰ বাবে থকা নির্ধাৰিত আসন পুণ্য কৰি ৰাখিছে৷ পৰিৱর্তে সেই চকীত ৰাখিছে ৰামৰ ছবি৷ গাডৱাৰা নগৰ পঞ্চায়তৰ মুৰব্বী সীমাই কয় যে ৰামৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবেই যোৱা বছৰ পঞ্চায়ত নির্বাচনত তেওঁ জয়লাভ কৰিছে৷ সেইবাবে ঈশ্বৰৰ প্রতি সন্মান জনাই কার্যালয়ত নিজৰ আসন এৰি দিছে ‘ৰাম’ৰ বাবে৷ সীমাই প্রতিদিনে এই আসনৰ কাষত থকা অন্য এখন চকীত বহি বিভিন্ন কাম–কাজ চলাই আহিছে৷ সীমাৰ পুত্র শচীনে টাইমছ অৱ ইণ্ডিয়াক জনায় যে প্রতাপগড় জিলাৰ গাডৱাৰা পঞ্চায়তত নির্দলীয় প্রার্থী হিচাপে তেওঁৰ মাতৃয়ে প্রতিদ্বন্দ্বিতা কৰিছিল৷ সেই নির্বাচনত জয়লাভ কৰি পঞ্চায়তৰ মুৰব্বী হৈছে সীমা সিং৷ ৰামৰ আশীর্বাদ লৈয়েই নির্বাচনত নামিছিল সীমাই৷ নির্বাচনত জয়লাভ কৰাৰ পিছত পঞ্চায়তৰ কার্যালয়ৰ মুৰব্বীৰ আসনতহে ৰামৰ ছবি বহুওৱাৰ সিদ্ধান্ত লয় সীমাই৷ এই চকীখন ৰামৰ নামত উৎসর্গা কৰিছে পঞ্চায়তৰ মুৰব্বী সীমা সিঙে৷ আনফালে সদৰ উন্নয়ন খণ্ডৰ মুৰব্বী শেষা দেৱীয়েও নিজৰ আসন উৎসর্গা কৰিছে ‘ৰাম’ক৷ যোৱা তিনি বছৰ ধৰি নিজৰ আসনত ৰামৰ ছবি বহুৱাই অন্য চকীত বহি কাম চলাই আছে শেষা দেৱীয়ে৷ শেষা দেৱীয়েও দাবী কৰিছে যে ‘প্রভু ৰাম’ৰ আশীর্বাদত তেওঁ নির্বাচনত জয়ী হৈছে৷ ইয়াৰ পিছতে সদৰ উন্নয়ন খণ্ডৰ মুৰব্বীৰ চকী ৰামৰ নামত উৎসর্গা কৰাৰ সিদ্ধান্ত লয় শেষা দেৱীয়ে৷ শেষা দেৱীয়েও অন্য আসনত বহি ৰাম ভক্তিৰ নিদর্শন দেখুৱাই আহিছে৷ উত্তৰ প্রদেশৰ এই ঘটনাই ইতিমধ্যে সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ অৱশ্যে একাংশই ৰাম ভক্তিৰ লগতে কর্তব্যনিষ্ঠাত গুৰুত্ব দিয়া উচিত বুলি মন্তব্য আগবঢ়াইছে৷

You might also like