নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক দেশ এক নিৰ্বাচন সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদন দাখিল ৰাষ্ট্ৰপতিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ মাৰ্চঃ এক দেশ, এক নিৰ্বাচনৰ বিষয়ত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ সমিতিখনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। আইন মন্ত্ৰালয়ৰ পৰা এই তথ্য দি আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে এই প্ৰতিবেদন ১৮,৬২৬ পৃষ্ঠাৰ। সংবাদ সংস্থা এএনআইয়ে জনোৱা মতে, ১৯১ দিনৰ গৱেষণামূলক কামৰ অন্তত অংশীদাৰ আৰু বিশেষজ্ঞৰ সৈতে আলোচনা কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এই প্ৰতিবেদন যেতিয়া ৰাষ্ট্ৰপতি মুৰ্মুক দাখিল কৰা হৈছিল, তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, জম্মু-কাশ্মীৰৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদ আৰু কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আদি উপস্থিত আছিল। ইয়াৰ পূৰ্বে ইংৰাজী কাকত ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ প্ৰতিবেদনত কোৱা হৈছিল যে ‘এক জাতি এক নিৰ্বাচন’ৰ সৈতে জড়িত এই প্ৰতিবেদন আঠ খণ্ডত হ’ব পাৰে আৰু ই ১৮ হাজাৰ পৃষ্ঠাৰ হ’ব পাৰে। দেশত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সংবিধানৰ শেষৰ পাঁচটা অনুচ্ছেদত সংশোধনীৰ পৰামৰ্শ দিব পাৰে কমিটীয়ে। এই প্ৰস্তাৱিত প্ৰতিবেদনত লোকসভা, ৰাজ্যিক বিধানসভা আৰু স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে একক নিৰ্বাচনী তালিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত গঠন হোৱা সমিতিখনক বৰ্তমানৰ সাংবিধানিক কাঠামোৰ প্ৰতি লক্ষ্য ৰাখি লোকসভা, ৰাজ্যিক বিধানসভা, পৌৰসভা আৰু পঞ্চায়তৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সম্ভাৱনাৰ সন্ধান আৰু পৰামৰ্শ আগবঢ়োৱাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত এই কমিটীৰ ভিতৰত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন. সিং, লোকসভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুভাষ কাশ্যপ আৰু জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভেও আছে। লোকসভাৰ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধাৰীও কমিটীৰ সদস্য আছিল যদিও কমিটীক সম্পূৰ্ণ নকল বুলি অভিহিত কৰি তেওঁ নাকচ কৰে। আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল কমিটীৰ বিশেষ আমন্ত্ৰিত সদস্য।

You might also like