স্কুলীয়া ছোৱালীলৈ অশ্লীল ভংগিমা প্ৰদৰ্শন : মুম্বাইত আটক টেক্সিচালক
বিশেষ বাৰ্তা, ১৩ অক্টোবৰঃ বিদ্যালয়ৰ সমীপত ছোৱালীৰ সন্মুখত অশ্লীল কাৰ্য সংঘটিত কৰি গ্ৰেপ্তাৰ হ’ল মুম্বাইৰ এজন টেক্সি চালক। অভিযোগ উত্থাপন হৈছে যে টেক্সিচালকজনে তিনিগৰাকী স্কুলীয়া ছোৱালীৰ প্ৰতি অশ্লীল ভংগিমা প্ৰদৰ্শন কৰিছিল। ইয়াৰ বাবে স্থানীয় আৰক্ষীয়ে টেক্সি চালকজনক গ্ৰেপ্তাৰ কৰে। টেক্সিচালকজনে যোৱা কেইবাদিনো ধৰি নিজৰ ওচৰ-চুবুৰীয়া স্কুলবোৰৰ ওচৰত এনেধৰণৰ কাম কৰি আহিছিল। মুম্বাইৰ কোলাবা আৰক্ষীয়ে ৩৫ বছৰীয়া টেক্সি চালক ছিকান্দৰ খানক ৩গৰাকী ছোৱালীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। কোলাবা আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধৃত অভিযুক্তজনে দৈনিক নিজৰ টেক্সিখন কোলাবা অঞ্চলৰ ছোৱালী বিদ্যালয়ৰ সন্মুখত ৰখাইছিল। অভিযোগ কৰা হৈছে যে প্ৰতিদিনে ছোৱালীকেইজনীক দেখি তেওঁ লেতেৰা কাম কৰিছিল, ইয়াৰ লগতে তেওঁ প্ৰতিদিনে ছোৱালীকেইজনীক খেদি ফুৰিছিল। বিদ্যালয়খনৰ ৫ম শ্ৰেণীত পঢ়া ছোৱালীকেইজনীয়ে টেক্সিচালকজনৰ লেতেৰা ঠাট্টা-মস্কৰাৰ তথ্য তেওঁলোকৰ শিক্ষকক দিয়ে। ইয়াৰ পিছত স্কুলৰ শিক্ষকজনে নিজেই বিদ্যালয়ৰ বাহিৰলৈ গৈ এই বিষয়ে জানিবলৈ গৈ নিশ্চিত কৰিলে। ইয়াৰ পিছতে মহিলা শিক্ষয়িত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কোলাবা আৰক্ষীক অৱগত কৰে। কোলাবা আৰক্ষীয়ে টেক্সি নম্বৰৰ সহায়ত অভিযুক্ত টেক্সি চালকজনৰ সন্ধান উলিয়ায়। তাৰ পিছত তেওঁৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪ (ডি), ৫০৯ ধাৰা আৰু যৌন অপৰাধৰ বিৰুদ্ধে শিশু সুৰক্ষা (POCSO)ৰ ১২ ধাৰাত গোচৰ ৰুজু কৰা হয়। গ্ৰেপ্তাৰ কৰা হৈছে টেক্সি চালকজনক। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। একেধৰণৰ ঘটনা সন্দৰ্ভত আদালতে কয় যে শিশুৰ ওপৰত হোৱা যৌন অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে ভুক্তভোগী, তেওঁলোকৰ পৰিয়ালৰ সদস্য আনকি সমাজৰ ওপৰত। ইয়াৰ বাবে ঘৰটো আৰু আশে-পাশে থকা অঞ্চলবোৰ শিশুসকলৰ বাবে সুৰক্ষিত নহয় আৰু ই সমাজত এক বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গৈ আছে। এনে ঘটনাই ভুক্তভোগী, পৰিয়ালৰ সদস্য আৰু মানুহৰ মনত আতংকৰ সৃষ্টি কৰে আৰু বহুদিনলৈ চিন ৰাখে।