নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গংগাৰাম হাস্পতালত ভৰ্তি অসুস্থ ছোনিয়া গান্ধী -ক

কংগ্ৰেছ নেত্ৰীগৰাকীৰ পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।

নিউজ ডেস্ক, ১৬ জুন : পুনৰ অসুস্থ কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী । অসুস্থ কংগ্ৰেছী নেত্ৰীগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা অনুসৰি, গেষ্ট্ৰ’ বিভাগত ভৰ্তি কৰোৱা কংগ্ৰেছ নেত্ৰীগৰাকী পেটৰ সমস্যাত ভুগি আছে। তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।

কংগ্ৰেছ নেত্ৰীগৰাকীৰ পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁৰ অৱস্থাৰ ওপৰত অহৰহ নিৰীক্ষণ কৰা হৈছে।

বিশেষজ্ঞ চিকিৎসকৰ এটা দলে কংগ্ৰেছী নেত্ৰীগৰাকীক নিৰীক্ষণ কৰি আছে। অৱশ্যে তেওঁ কিমান দিন চিকিৎসালয়ত থাকিব লাগিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

তেওঁৰ স্বাস্থ্যৰ খবৰ পোৱাৰ লগে লগে বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে চিকিৎসালয়ত উপস্থিত হৈছেগৈ। উল্লেখ্য যে ইয়াৰ পূৰ্বে ৭ জুনতো ছিমলাত স্বাস্থ্যৰ অৱনতি ঘটিছিল ছোনিয়া গান্ধীৰ।

You might also like