নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ মাজতে আৰু যুঁজি থাকা, শেষ কৰি দিয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নির্বাচনৰ ফলাফলত ‘ইণ্ডি’ জোঁটৰ দুই দল কংগ্রেছ আৰু আপৰ শোচনীয় পৰাজয়ৰ পিছত দুয়োটা দলক কটাক্ষ কৰিছে জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই৷ ‘ইণ্ডি’ জোঁটৰ আভ্যন্তৰীণ কন্দলক লৈ সৰৱ হৈ থকা জোঁটটোৰে অন্যতম সদস্য নেচনেল কনফাৰেঞ্চৰ নেতা তথা জম্মু–কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুল্লাই সামাজিক মাধ্যমযোগে দিল্লী নির্বাচনক লৈ প্রতিক্রিয়া ব্যক্ত কৰি কয় যে মন ভৰি যুঁজি থাকা, ইটো দলে সিটো দলক শেষ কৰা আৰু নিজৰ মাজতেই যুঁজি থাকা৷ উল্লেখ্য যে ‘ইণ্ডি’ জোঁটৰ দুই সদস্য কংগ্রেছ আৰু আপে দিল্লী বিধানসভা নির্বাচনত পৃথকে পৃথকে প্রতিদ্বন্দ্বিতা আগবঢ়াই ইটো দলে সিটো দলৰ ওপৰত অভিযোগ–প্রতিভিযোগ আনিছিল৷ ইয়াৰে ফলশ্রুতিত কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে অনায়াসে আপক উৎখাত কৰি দিল্লী দখল কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী আব্দুল্লাই৷ ফলাফলত আপে ২২খন আসন লাভ কৰাৰ বিপৰীতে কংগ্রেছে এখনো লাভ কৰা নাই৷

বিৰক্ত দিল্লীয়ে পৰিৱর্তনৰ বাবে ভোট দিলে
দিল্লী বিধানসভা নির্বাচনত ‘ইণ্ডি’ জোঁটৰ সহযোগী আম আদমী পার্টী (আপ)ৰ শোচনীয় পৰাজয়ৰ পিছত তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কংগ্রেছ সাংসদ প্রিয়ংকা গান্ধী ভদ্রাই৷ বিজয়ীক অভিনন্দন জ্ঞাপন কৰি বিৰোধীক নিম্নস্তৰত কঠোৰ পৰিশ্রম কৰিবলৈ পৰামর্শ আগবঢ়োৱা সাংসদ প্রিয়ংকা গান্ধী ভদ্রাই কয় যে দিল্লী বিৰক্ত হৈছে৷ সেয়েহে পৰিৱর্তনৰ বাবে ভোটদান কৰিলে৷ লক্ষণীয় যে সাংসদ ছোনিয়া গান্ধীয়ে কয় যে দিল্লীৰ জনতাই স্বাভাৱিকভাৱে পৰিৱর্তন বিচাৰিছে আৰু এই পৰিৱর্তনৰ বাবে বিজেপিক ভোটদান কৰিলে৷ উল্লেখ্য যে লোকসভা নির্বাচনত ‘ইণ্ডি’ জোঁটে মিলিত হৈ প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও দিল্লী বিধানসভা নির্বাচনত ‘ইণ্ডি’ জোঁটৰ সহযোগী দল কংগ্রেছ আৰু আপে পৃথকে পৃথকে এই নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷

কেজৰিৱালক কটাক্ষ প্রাক্তন নেতা কুমাৰ বিশ্বাসৰ
দিল্লী বিধানসভা নির্বাচনত আপৰ শোচনীয় পৰাজয়ত প্রাক্তন মুখ্যমন্ত্রী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিছে দলটোৰ প্রাক্তন নেতা তথা কবি কুমাৰ বিশ্বাসে৷ ভাৰতীয় জনতা পার্টীৰ বিশাল বিজয়ক অভিনন্দন জনাই কুমাৰ বিশ্বাসে কয় যে ন্যায় প্রদান কৰা হ’ল৷ সামাজিক মাধ্যমত কবি বিশ্বাসে কেজৰিৱালক আক্রমণৰ লক্ষ্য কৰি লৈ কয়– ‘মই বিজেপিক জয়ৰ কাৰণে অভিনন্দন জনাইছোঁ আৰু আশা কৰোঁ তেওঁলোক দিল্লীৰ জনতাৰ কাৰণে ভাল কাম কৰিব৷ মোৰ সেইগৰাকী ব্যক্তিৰ প্রতি কোনো সহমর্মিতা নাই৷ যিয়ে আপ দলৰ কর্মীৰ সপোন ভাগিছে৷ দিল্লী এতিয়া তেওঁৰ পৰা মুক্ত৷ তেওঁৰ ব্যক্তিগত আকাংক্ষাৰ বাবে অনেক কর্মীৰ সপোন ভংগ হৈছে৷ আজি ন্যায় প্রদান কৰা হ’ল৷ যেতিয়া মনীষ ছিছোডিয়া জংপুৰাৰ পৰা পৰাজয় হোৱা বুলি বাতৰি আহিছে, তেতিয়া মোৰ অৰাজনৈতিক পত্নী কান্দি দিছিল৷’ উল্লেখ্য যে আপৰ প্রতিষ্ঠাপক সদস্য কুমাৰ বিশ্বাসক অৰবিন্দ কেজৰিৱালে দলৰ পৰা আঁতৰাই পঠিয়াইছে৷

You might also like