নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আচৰিত! ৰাষ্ট্রীয় উদ্যানৰ ২৫টা বাঘ হেৰাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ ৰাজস্থানৰ ছাৱাই মাধোপুৰৰ ৰণথম্ভোৰ ৰাষ্ট্রীয় উদ্যানৰ পৰা এটাৰ পিছত এটাকৈ বাঘ সন্ধানহীন হোৱাৰ খবৰ প্রকাশ পোৱাৰ লগে লগেই সৃষ্টি হৈছে হুলস্থূল৷ এই ঘটনাক লৈ উদ্বেগ বৃদ্ধি পাইছে বন বিভাগৰ৷ মুঠ ২৫টা বাঘ সন্ধানহীন হৈছে ৰাষ্ট্রীয় উদ্যানখনৰ পৰা৷ ইমানসংখ্যক বাঘ সন্ধানহীন হোৱা ঘটনাৰ তদন্ত কৰিবলৈ ইতিমধ্যে তিনিজনীয়া সদস্যৰ এখন কমিটী গঠন কৰা হৈছে৷ ৰণথম্ভোৰ ৰাষ্ট্রীয় উদ্যানত ৭৫টা বাঘ আছে৷ ইয়াৰ ভিতৰত কেইবাটাও বাঘিনী আছে৷ বন দপ্তৰৰ এক সূত্রই সদৰী কৰা অনুসৰি অতি কম দিনৰ ভিতৰত ২৫টা বাঘ সন্ধানহীন হৈছে ৰাষ্ট্রীয় উদ্যানখনৰ পৰা৷ ইয়াৰ ভিতৰত ১১টা বাঘৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হোৱা নাছিল৷ অন্য ১৪টা বাঘ কেনেদৰে নিখোজ হ’ল, সেই সন্দর্ভত বন দপ্তৰৰ ওচৰত কোনো খবৰেই নাছিল বুলি সূত্রই দাবী কৰিছে৷ একেটা সূত্রই সদৰী কৰা অনুসৰি শেহতীয়াকৈ বাঘ নজৰদাৰীৰ এক প্রতিবেদন পোহৰলৈ আহিছে৷ যোৱা ১৪ অক্টোবৰত প্রকাশিত সেই প্রতিবেদনত দাবী কৰা হৈছে যে ১১টা বাঘ ক’ত আছে, তাৰ কোনো প্রমাণ নাই বন বিভাগৰ হাতত৷ আনফালে, ১৪টা বাঘৰ উপস্থিতি সন্দর্ভত কোনো তথ্যই নাই বন বিভাগৰ হাতত৷ এই প্রতিবেদন পোহৰলৈ অহাৰ লগে লগে হুলস্থূলৰ সৃষ্টি হৈছে ৰাজ্যখনত৷ বিষয়টোক লৈ দেশজুৰি পশুপ্রেমীসকলে উদ্বেগ প্রকাশ কৰিছে৷ ৰাজস্থানত মুখ্য বন সংৰক্ষক পৱন কুমাৰ উপধ্যায়ে এই ঘটনা সন্দর্ভত তিনি সদস্যৰ তদন্ত কমিটী গঠন কৰিছে৷ কমিটীয়ে বাঘবোৰ ৰাষ্ট্রীয় উদ্যানখনৰ পৰা সন্ধানহীন হোৱা বিষয়টো সন্দর্ভত দুমাহৰ ভিতৰত তদন্তৰ প্রতিবেদন দাখিল কৰিব৷ তিনি সদস্যৰ কমিটীত আছে মুখ্য বন সংৰক্ষক, বন সংৰক্ষক আৰু উপ–বন সংৰক্ষক৷ ৰাষ্ট্রীয় উদ্যানখনৰ পৰা বাঘবোৰ ক’লৈ গ’ল, তাক লৈ বিভিন্ন মহলে প্রশ্নৰ অৱতাৰণা কৰিছে৷ কিয় বাঘৰ গতিবিধি সন্দর্ভত উদ্যানখনত নজৰ ৰখা হোৱা নাছিল, তাক লৈও সৃষ্টি হৈছে বিভিন্ন মহলত সন্দেহ৷ এই ঘটনাত কোনো বন বিষয়া বা কর্মীৰ গাফিলতি আছিল নেকি, তাৰ তদন্তও কৰিব কমিটীয়ে৷

You might also like