নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত শিক্ষার্থীক স্কুললৈ অনাৰ বাবে শিক্ষকে বহুৱালে এচি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ প্রচণ্ড তাপ দহনত দহিছে পশ্চিমবংগৰ বিভিন্ন অঞ্চল৷ দক্ষিণ বংগৰ পৰিস্থিতি অধিক ভয়াৱহ৷ ইয়াৰ পৰা পৰিত্রাণ পাবলৈ নদিয়াৰ এখন প্রাথমিক বিদ্যালয়ত গ্রহণ কৰা হ’ল অভিনৱ ব্যৱস্থা৷ শিক্ষার্থীসকলে যাতে বিদ্যালয়ত অহাৰ বাবে উৎসাহ দেখুৱাই সেই বিষয়টোলৈ লক্ষ্য ৰাখি শিক্ষক-শিক্ষয়িত্রীয়ে শীত-তাপ নিয়ন্ত্রিত যন্ত্র বা এচি বহুওৱাৰ সিদ্ধান্ত ল’লে৷ নদিয়া জিলাৰ হবিবপুৰৰ দোহাৰপাৰা প্রাথমিক বিদ্যালয়ত এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এচি বহুওৱাৰ লগে লগে বিদ্যালয়ত ছাত্র-ছাত্রীৰ উপস্থিতিৰ সংখ্যা ১০০ শতাংশ হৈছে৷ শিক্ষক-শিক্ষয়িত্রী আছে পাঁচগৰাকী৷ বহুতে এই সন্দর্ভত প্রশ্ন তুলিছে যে বিদ্যুতৰ বিল বৃদ্ধি হ’লে ক’ৰ পৰা দিয়া হ’ব৷ এইক্ষেত্রত প্রধান শিক্ষকগৰাকীয়ে কৈছে যে এচি সদায় নচলে৷ মাত্র দুমাহ বা তিনি মাহ চলিব৷ এই দুমাহ-তিনি মাহৰ বিদ্যুৎ বিল শিক্ষক-শিক্ষয়িত্রীয়ে নিজৰ জেপৰ পৰা দিব৷ লক্ষণীয়ভাৱে বিদ্যালয়লৈ অহা উন্নয়ন পুঁজিৰ ৰাহি ধনৰ জৰিয়তে এই এচি ক্রয় কৰা হৈছে৷

You might also like