নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযুক্তৰ ঘৰত বুলডজাৰ চলাব নোৱাৰিব প্ৰশাসনে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২ ছেপ্টেম্বৰঃ কোনো গোচৰৰ অভিযুক্তই হওক কিম্বা দোষী সাব্যস্তই হওক তেনে লোকৰ ঘৰত বুলডজাৰ চলোৱাক লৈ প্রশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ে আজি এনে ব্যক্তিৰ ঘৰত বুলডজাৰ চলাব নোৱাৰে বুলি নির্দেশনা জাৰি কৰিছে৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি আৰ গাভাই আৰু কে ভি বিশ্বনাথনে অভিযুক্তৰ বিৰুদ্ধে ঘৰত বুলডজাৰ চলোৱা সন্দর্ভত আবেদনৰ শুনানি গ্রহণ কৰি এই নির্দেশনা দিছে৷ অভিযুক্ত কিম্বা দোষী সাব্যস্ত হোৱা কোনো ব্যক্তিৰ ঘৰ অথবা অট্টালিকাত প্রশাসনে বুলড’জাৰ চলোৱা বিষয়টোত উদ্বিগ্ণতা প্রকাশ কৰি বিচাৰপীঠে প্রশাসনৰ এই কার্যক লৈ প্রশ্ন উত্থাপন কৰে৷ মুছলিমৰ সংস্থা জামাত–উলেমা–ই হিন্দৰ দ্বাৰা জনোৱা আবেদনৰ শুনানি গ্রহণ কৰি দুজনীয়া বিচাৰপীঠে ন্যায়াধীশ ডি আৰ গাভাই কয় যে কোনো এজন লোক অভিযুক্ত হ’লেই কিদৰে এনে লোকৰ ঘৰ বুলডজাৰেৰে ভাঙি দিব পৰা যাব৷ আনকি দোষী সাব্যস্ত হ’লেও এনে লোকৰ ঘৰত বুলড’জাৰ চলাব নোৱাৰিব৷ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনক এই সন্দর্ভত সকীয়াই দি বিশেষ পৰিৱর্তনৰ বাবে সর্বোচ্চ ন্যায়ালয়ে ব্যৱস্থা গ্রহণ কৰিব বুলি কয় ন্যায়াধীশ গাভায়ে৷ শীঘ্রে অবৈধ অট্টালিকা ভঙাৰ ক্ষেত্রত দেশজুৰি নির্দেশনা জাৰি কৰিব বুলিও বিচাৰপীঠে প্রকাশ কৰে৷ উল্লেখ্য যে ২০২২ চনৰ সাম্প্রদায়িক সংঘর্ষৰ সময়ত দিল্লীৰ কেইবাটাও ঘৰত বুলড’জাৰ চলাই ভাঙি দিয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনোৱা হয়৷ এই আবেদনৰ হৈ জ্যেষ্ঠ অধিবক্তা দুষ্যন্ত দাভেই আদালতত যুক্তি আগবঢ়ায়৷ ২০২২ চনত হিংসাক উচটনি দিয়াৰ বাবেই গ্রেপ্তাৰ কৰা পুত্রৰ বাবেই এজন লোকৰ ঘৰ ভাঙি দিয়া হৈছিল৷ এই ঘটনাটোক লৈ উচ্চতম ন্যায়ালয়ত জামাত–উলেমা–ই–হিন্দে আবেদন জনায়৷ চৰকাৰৰ হৈ ছলিচেটৰ জেনেৰেল তুষাৰ মেহতাই যুক্তি প্রদর্শন কৰি কয় যে আইন উলংঘ কৰাৰ বাবেই ঘৰটো ভাঙি দিয়া হৈছিল৷ এই ব্যৱস্থা পৌৰ নিগমৰ আইন উলংঘনৰ ভিত্তিত লোৱা হৈছে৷ ছলিচিটৰ জেনেৰেল মেহতাৰ এই যুক্তি শুনাৰ পাছত বিচাৰপীঠে কয় যে আবেদনত এইধৰণৰ কথা উল্লেখ কৰা নাই৷ আমি ভাবো আইন ভংগৰ নামত কিবা বিসংগতি আছে৷ যদি আইনৰ স্থিতিকেই এয়া কৰা হৈছে তেতিয়াহ’লে আইন অনুকৰণ কৰা হোৱা নাই৷ যদি নির্মাণ বেআইনী আছিল, তেতিয়াহ’লে আইনী আধাৰত ইয়াৰ ব্যৱস্থা ল’ব লাগিছিল৷ ন্যায়াধীশ বিশ্বনাথনে কয় যে বেআইনীভাৱে নির্মাণ কৰা অট্টালিকা ভাঙিবলৈ হ’লে দেশজুৰি এক নির্দেশনাৰ প্রয়োজন আছে৷ শীঘ্রেই ন্যায়ালয়ে বেআইনী অট্টালিকা ভঙাৰ ক্ষেত্রত দেশজুৰি নির্দেশনা জাৰি কৰিব৷

You might also like