নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষ ইচ্ছা অনুসৰি ভাৰতত সমাধিস্থ অষ্ট্রেলিয়ান ব্যক্তিৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ এগৰাকী ব্যক্তিৰ ভাৰতৰ প্রতি আছিল দুর্বাৰ প্রেম৷ গতিকে তেওঁৰ মৃতদেহ ভাৰততেই সমাধিস্থ কৰিব লাগে বুলি ইচ্ছা প্রকাশ কৰিছিল৷ অৱশেষত সেই ইচ্ছা পূৰণ হ’ল ড’নাল্ড ছামছ নামৰ ৯১ বছৰীয়া ছিডনীৰ বাসিন্দাগৰাকীৰ৷ ভাৰতৰ যিকোনো খ্রীষ্টান সমাধিক্ষেত্রত তেওঁৰ মৃতদেহ সমাধিস্থ কৰিব লাগে বুলি বিশেষ অনুৰোধ জনাই আহিছিল৷ অৱশেষত অন্তিমবাৰ ভাৰত ভ্রমণলৈ অহাৰ সময়ত ভাৰততে শেষ নিশ্বাস ত্যাগ কৰে ড’নাল্ড ছামছে৷ ইয়াৰ পূর্বে ১১বাৰ ভাৰত ভ্রমণ কৰিছিল ছামছে৷ শেহতীয়াকৈ ৪২জনীয়া অষ্ট্রেলিয়ান নাগৰিকৰ দল এটাৰ সৈতে ভাৰত ভ্রমণলৈ আহিছিল ৯১ বছৰীয়া এই বৃদ্ধগৰাকীয়ে৷ চুলতানগঞ্জৰ পৰা পাটনালৈ গংগা নদীৰে যাত্রা কৰিছিল এই দলটোৱে৷ এই ভ্রমণৰ সময়তে ড’নাল্ড ছামছ অসুস্থ হৈ পৰে৷ বিহাৰৰ মুংগেৰ জিলাৰ এখন ব্যক্তিগত হাস্পতাললৈ লৈ যোৱা হয় ছামছক৷ হাস্পতালখনৰ চিকিৎসকে ছামছক মৃত বুলি ঘোষণা কৰে৷ লগে লগে জিলা প্রশাসনে ছামছৰ মৃত্যুৰ তথ্য ভাৰতীয় কূটনীতিকক দিয়ে৷ ভাৰতীয় কূটনীতিকে অষ্ট্রেলিয়ান দূতাৱাসক জনায় ছামছৰ মৃত্যুৰ কথা৷ অষ্ট্রেলিয়ান দূতাৱাস আৰু ড’নাল্ড ছামছৰ পত্নী এলিছ ছামছৰ অনুমোদন অনুসৰি মুংগেৰৰ সমাধিক্ষেত্রত সমাধিস্থ কৰা হয় ড’নাল্ডৰ মৃতদেহ৷ অষ্ট্রেলিয়ান দূতাৱাসৰ অনুমতি আৰু তেওঁৰ পত্নীৰ অনুৰোধমর্মে মুংগেৰত খ্রীষ্টান সম্প্রদায়ৰ সমাধিক্ষেত্রত সম্পূর্ণ ধর্মীয় ৰীতিৰে ড’নাল্ড ছামছৰ মৃতদেহ সমাধিস্থ কৰা হয়৷ লক্ষণীয়ভাৱে অষ্ট্রেলিয়ান দূতাৱাসৰ অনুৰোধমর্মে মৰণোত্তৰ পৰীক্ষা নকৰাকৈয়ে ছামছৰ মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ মুংগেৰৰ জিলা দণ্ডাধীশ অৱনীশ কুমাৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি শেষকৃত্যৰ ব্যৱস্থা কৰা হৈছিল অষ্ট্রেলিয়ান দূতাৱাসৰ নির্দেশমর্মে৷ উল্লেখনীয় যে এই অন্ত্যেষ্টিক্রিয়াৰ সময়ত অষ্ট্রেলিয়ান নাগৰিকসকলৰ দলটো উপস্থিত থাকে৷ শুকুৰবাৰে নিশাৰে পৰা শনিবাৰে বিয়লিলৈ গংগাৰ বাবুৱা ঘাটত অষ্ট্রেলিয়ান দলটোৱে ভ্রমণলৈ লোৱা জাহাজখন ৰখাই থোৱা হৈছিল৷ স্মর্তব্য যে ড’নাল্ড ছামছ আছিল অষ্ট্রেলিয়াৰ এগৰাকী অৱসৰপ্রাপ্ত চৰকাৰী বিষয়া৷ তেওঁৰ পত্নী এলিছে সদৰী কৰা অনুসৰি ড’নাল্ড ছামৰ পিতৃয়ে ব্রিটিছ শাসনৰ সময়ত অসমত কাম কৰিছিল৷

You might also like