নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচাৰক-অধিবক্তাৰ হতাহতিত উত্তপ্ত আদালত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ উত্তৰ প্রদেশৰ আদালতত নজিৰবিহীন কাণ্ড৷ বিচাৰকৰ সৈতে অধিবক্তাসকলৰ হতাহতিৰ ঘটনাই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি৷ জামিনৰ আবেদনক লৈ তর্কযুদ্ধ চলিছিল উভয়পক্ষৰ৷ ইয়াৰ পিছত বিচাৰক আৰু অধিবক্তাৰ মাজত আৰম্ভ হয় হতাহতি৷ আদালত কক্ষৰ চকী–মেজ ভাঙিবলৈ লয় অধিভক্তাসকলে৷ আৰক্ষীয়ে লাঠীচালনা কৰা ঘটনাৰ ফলত ৰণক্ষেত্রৰ চেহেৰালৈ উত্তৰ প্রদেশৰ গাজিয়াবাদৰ আদালতে৷ এই ঘটনাত কেইবাগৰাকীও অধিবক্তা আহত হৈছে৷ আদালত সূত্রই সদৰী কৰা অনুসৰি জামিনৰ আবেদনক লৈ বিচাৰকৰ সৈতে এগৰাকী আইনজীৱীৰ কাজিয়াৰ সূত্রপাত ঘটে৷ সেই খবৰ বিয়পি পৰাৰ লগে লগে ঘটনাস্থলীত হাজিৰ হয় অন্য অধিবক্তাসকল৷ ইয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্রণৰ বাহিৰলৈ যায়৷ বিচাৰকক ঘেৰি ধৰি প্রহাৰ কৰিবলৈ উদ্যত হয় অধিবক্তাসকল৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে চকী, মেজ ভাঙি পেলোৱা দৃশ্য৷ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী কর্মীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে৷ আদালতলৈ অতিৰিক্ত আৰক্ষীক মাতি পঠিওৱা হয়৷ শেষত অর্ধসেনাৰ বিশাল বাহিনীও ঘটনাস্থলীলৈ প্রেৰণ কৰা হয়৷ আৰক্ষী আৰু অর্ধসেনাই কোনোমতে যুুযুধান অধিবক্তাসকলৰ আবেষ্টনীৰ পৰা বিচাৰকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে বিচাৰকৰ কক্ষৰ পৰা অধিবক্তাসকলক বাহিৰ কৰি দিয়াৰ পিছত তেওঁলোকে আদালত চৌহদত বিক্ষোভ প্রদর্শন কৰে৷ আৰক্ষী আৰু অর্ধসেনাৰ বিৰুদ্ধে আতিশয্য চলোৱাৰ অভিযোগো আনে অধিবক্তাসকলে৷ ইফালে আদালত চৌহদত থকা অস্থায়ী আৰক্ষী চকী ভাঙি পেলোৱাৰ অভিযোগ উঠিছে অধিবক্তাসকলৰ বিৰুদ্ধেও৷ প্রতিবাদত আদালত চৌহদৰ অস্থায়ী আৰক্ষী চকীৰ কর্মীসকলে কর্মবিৰতি আৰম্ভ কৰিছে৷ ইফালে এই ঘটনাক নিন্দা কৰি অধিবক্তাসকলক সমর্থন জনাই এক বৈঠক আহ্বান কৰিছে উত্তৰ প্রদেশ বাৰ এছ’চিয়েচনে৷ ন্যায়ৰ মন্দিৰ খ্যাত আদালত কক্ষত এনে অভব্য ঘটনাক লৈ দেশজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ এই ঘটনাৰ পিছতে গাজিয়াবাদ আদালতত কাম–কাজ স্থগিত হৈ পৰে৷ এনে উত্তপ্ত পৰিস্থিতিক লৈ বিভিন্ন মহলে প্রতিক্রিয়া প্রকাশ কৰিছে যদিও উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷ জামিনৰ আবেদনক লৈ বিচাৰকৰ সৈতে তর্কযুদ্ধৰ বিপৰীতে কাজিয়াৰ সূত্রপাত ঘটা বিষয়টোক লৈ বিভিন্ন মহলে প্রশ্ণৰ অৱতাৰণা কৰিছে৷

You might also like