প্রাক্তন সেনা জোৱানৰ নৃশংসতাক লৈ দেশজুৰি তীব্র চাঞ্চল্য
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ পত্নীক হত্যা কৰি স্বামীয়ে মৃতদেহ টুকুৰা–টুকুৰ কৰি প্রেছাৰ কুকাৰত সিজোৱা শিহৰণকাৰী ঘটনা সংঘটিত হৈছে হায়দৰাবাদত৷ সেনাৰ প্রাক্তন জোৱান এজনে পত্নীক হত্যা কৰি প্রথমে বাথৰুমত মৃতদেহটো টুকুৰা–টুকুৰ কৰে আৰু কিছু অংশ প্রেছাৰ কুকাৰত তিনিদিন ধৰি সিজাই পিছলৈ সেইবোৰ হ্রদত পেলাই দিয়ে৷ হত্যাকাণ্ড গোপনে ৰখাৰ বাবে সেনাৰ প্রাক্তন জোৱানজনে এই শিহৰণকাৰী কাণ্ড কৰিলেও পিছলৈ আৰক্ষীৰ হাতত ধৰা পৰে৷ উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীৰ পৰা প্রাক্তন সেনা জোৱানজনৰ পত্নী মাধৱী সন্ধানহীন হৈ আছিল৷ ১৮ জানুৱাৰীপর্যন্ত এই সন্ধানহীনৰ তথ্য প্রাক্তন সেনা জোৱানজনে আৰক্ষীক অৱগত কৰা নাছিল৷ অৱশেষত মাধৱীৰ পিতৃ–মাতৃয়ে এই সন্ধানহীনৰ ৰহস্যৰ উমান পাই আৰক্ষীক অৱগত কৰে৷ তথ্য মতে, প্রতিদিনেই স্বামীৰ অত্যাচাৰত থাকিব নোৱাৰি মাধৱী ওচৰৰ মহিলাৰ ওচৰলৈ যায় বুলি প্রাক্তন সেনা জোৱানজনে প্রকাশ কৰে যদিও আৰক্ষীয়ে সন্দেহ কৰি তালাচী অভিযান চলায়৷ আৰক্ষীয়ে সন্দেহ প্রকাশ কৰি প্রাক্তন সেনা জোৱানজনক আটক কৰি সোধা–পোছা কৰে আৰু পাছত হত্যা কৰা বুলি স্বীকাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, প্রাক্তন সেনা জোৱানজনে পত্নীক হত্যা কৰি বাথৰুমলৈ লৈ যায় আৰু তাতেই মৃতদেহ কাটি টুকুৰা–টুকুৰ কৰে৷ টুকুৰাৰ পৰা মাংস কাটি উলিয়ায় আৰু যিখিনি উলিয়াব নোৱাৰে সেইখিনি প্রেছাৰ কুকাৰত সিজায়৷ তিনিদিন ধৰি প্রেছাৰ কুকাৰত সিজোৱাৰ পাছত এই সিজোৱা টুকুৰাবোৰ ওচৰৰে মীৰপিট হ্রদত পেলাই দিয়ে৷ এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে প্রাক্তন সেনা জোৱান পত্নী হত্যাকাৰীক হ্রদৰ ওচৰলৈ লৈ যায়৷ তাত বিচাৰি চলাথ কৰে যদিও কোনো শুংসূত্র উলিয়াব পৰা নাই৷ আনকি আৰক্ষীয়ে মৃতদেহৰ অংশ উদ্ধাৰ কৰিবলৈ কুকুৰৰো সহায় লৈছে৷ হ্রদত মৃতদেহৰ কোনো অংশ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’লেও আৰক্ষীয়ে অভিযান চলাই আছে৷ তাৎপর্যপূর্ণ যে দাম্পত্য জীৱনত প্রাক্তন সেনা জোৱান স্বামী আৰু পত্নী মাধৱীৰ মাজত দীর্ঘদিন ধৰি কাজিয়া চলি আহিছিল৷ এই কাজিয়াৰ সময়ত স্বামীয়ে পত্নীক প্রায়ে মাৰধৰ কৰে৷ হত্যাৰ কাৰণ এতিয়াও আৰক্ষীয়ে উলিয়াব পৰা নাই৷