নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকুম্ভলৈ গৈ পত্নীক হত্যা কৰি দিল্লীলৈ অকলে উভতিল স্বামী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ পত্নীক লৈ মহাকুম্ভলৈ গৈছিল৷ ত্রিবেণী সংগমত স্নান কৰাৰ উপৰি প্রয়াগৰাজৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল দম্পতীয়ে৷ ছবি তুলি ছ’চিয়েল মিডিয়াত সেয়া পোষ্টো কৰিছিল৷ দেখিলেই ধাৰণা হ’ব যে সুখী দম্পতী৷ কিন্তু এইসকলৰ অন্তৰালত আছিল অন্য কাৰণ৷ সেয়া ধৰিবই পৰা নাছিল পত্নীয়ে৷ পিছদিনাখন হোটেলৰ কোঠাত মহিলাগৰাকীৰ ডিঙি কটা দেহ উদ্ধাৰৰ পাছতে পোহৰলৈ আহে সমস্ত ঘটনা৷ ধৰা পৰাৰ পিছতে আৰক্ষীৰ জেৰাত পত্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে দিল্লীৰ ত্রিলোকপুৰীৰ বাসিন্দা অশোক কুমাৰে৷ লক্ষণীয়ভাৱে ঘৰলৈ উভতি পত্নী মহাকুম্ভত ভিৰৰ মাজত হেৰাই যোৱা বুলি জনাইছিল অশোক কুমাৰে৷ আনকি থানাত এই কথা জনোৱা বুলিও অশোকে পৰিয়ালৰ লোকক কৈছিল৷ যোৱা ২১ ফেব্রুৱাৰীত প্রয়াগৰাজৰ পৰা আৰক্ষীৰ ফোন আহে অশোক কুমাৰৰ ঘৰলৈ৷ খবৰ পোৱাৰ লগে লগে অশোক কুমাৰৰ খুলশালীয়েক প্রয়াগৰাজলৈ যায় আৰু তাতেই নিজৰ জ্যেষ্ঠ ভগ্ণীৰ মৃতদেহ চিনাক্ত কৰে৷ ইয়াৰ পিছত আৰক্ষীৰ জেৰাত অশোকে পত্নীক হত্যাৰ কথা স্বীকাৰ কৰে৷

You might also like