নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীট-পিজি পৰীক্ষাৰ দুঘণ্টা পূর্বে চূড়ান্ত কৰা হ’ব প্রশ্নকাকত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জুলাইঃ স্থগিত হৈ থকা নীট–পিজি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব চলিত মাহতেই৷ নেচনেল টেষ্টিং এজেঞ্চী (এনটিএ)ৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ এইবাৰ যাতে কোনোধৰণে প্রশ্নকাকত ফাদিল হ’ব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ পৰীক্ষা আৰম্ভ হোৱাৰ মাত্র দুঘণ্টা পূর্বে প্রশ্নকাকত চূড়ান্ত কৰাৰ পৰিকল্পনা কৰিছে এনটিএ–ই৷ যোৱা ২৩ জুনত নীট-পিজি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু আৰম্ভ হোৱাৰ মাত্র কেইঘণ্টামান পূর্বে মেডিকেল স্নাতকোত্তৰ স্তৰৰ এই প্রৱেশিকা পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লয় এনটিএ-ই৷ স্বাস্থ্য মন্ত্রালয়ৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে এনটিএৰ অধীনত একাধিক পৰীক্ষা পদ্ধতিক লৈ প্রশ্ন উঠিছে৷ গতিকে নীট-পিজি পৰীক্ষা পিছুৱাই দিয়া হয়৷ চলিত মাহৰ শেষৰ সপ্তাহত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ চাইবাৰ অপৰাধ প্রতিৰোধ শাখাৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত গৃহ মন্ত্রালয়ৰ বিষয়ববীয়াই এই সিদ্ধান্ত লয়৷

You might also like