নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ ফেব্ৰুৱাৰীঃ আত্মনির্ভৰ ভাৰতত পণ বা যৌতুক প্রথাৰ বলি হ’ব লগা হৈছে যুৱতীসকল৷ কেইদিনমান পূর্বে উত্তৰ প্রদেশৰ ছাহাৰানপুৰত যৌতুকৰ ১০ লাখ টকা আদায় দিব নোৱাৰাৰ অপৰাধত এগৰাকী বোৱাৰীক এইচআইভি সংক্রমিত বেজীৰে খুঁচি দিয়া হৈছিল বুলি অভিযোগ উঠিছিল৷ একেখন ভাৰতত এইবাৰ সম্পূর্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল৷ ৰাজস্থানত বিবাহ মণ্ডপত বহি যৌতুক প্রথাৰ বিৰুদ্ধে প্রতিবাদ কৰিলে দৰাই৷ ইয়াৰ লগতে কইনা পক্ষই আগবঢ়োৱা ৫ লাখ টকাও ওভতাই দিলে দৰাই৷ এই ঘটনাক লৈ দৰাক প্রশংসা কৰিছে বিভিন্ন মহলে৷ ছ’চিয়েল মিডিয়াতো ৰাজস্থানৰ এই যুৱকজনৰ কার্যক প্রশংসাৰে ওপচাই দিয়া হৈছে৷ বিবাহ মণ্ডপতে যৌতুক প্রথাৰ বিৰুদ্ধে গৰজি উঠিল জয়ছালমেৰৰ বাসিন্দা পৰমবীৰ ৰাথোড়৷ যোৱা ১৪ ফেব্রুৱাৰীত কাৰালিয়া গাঁৱৰ নিকিতা ভাটিৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় পৰমবীৰ৷ দৰাৰ সাজেৰে ঘোঁৰাৰ পিঠিত উঠি বিয়া কৰাবলৈ আহিছিল পৰমবীৰে৷ বিবাহ মণ্ডপত ৰাজস্থানী ৰীতি মানি যাৱতীয় নিয়ম পালন কৰা হয়৷ এসময়ত এখন থালত ৰঙা কাপোৰেৰে ঢ়াকি ৰখা টকাৰ গাঁথ উপহাৰ দিয়া হয় দৰাক৷ কিন্তু সেই ধন ল’বলৈ অস্বীকাৰ কৰে পৰমবীৰে৷ লক্ষণীয় যে ৰাজস্থানত এনেদৰে যৌতুক দিয়াৰ পৰম্পৰা চলি আহিছে৷ ক্ষুব্ধ পৰমবীৰে কয় যে এনেধৰণৰ ৰীতি এতিয়াও সমাজত চলি থকা বিষয়টো লজ্জাজনক৷ এনে কার্যক এজন শিক্ষিত যুৱকৰ বাবে অপমানজনক বুলিও অভিহিত কৰে পৰমবীৰ ৰাথোড়ে৷