চুৰিৰ অভিযোগত গুপ্তাংগত মেলি দিলে ৰঙা পিপৰা, গছত বান্ধি পাশৱিক আতিশয্য আদিবাসী যুৱকক
নিউজ ডেস্ক, ৯ এপ্ৰিলঃ গছত বান্ধি পাশৱিকভাৱে প্রহাৰ৷ গুপ্তাংগত মেলি দিয়া হ’ল ৰঙা পিপৰা চোৰৰ সন্দেহত এজন আদিবাসী যুৱকৰ ওপৰত এনেদৰে পাশৱিক আতিশয্য চলোৱাৰ অভিযোগ উঠিছে৷ যিসকলে এই পাশৱিক ঘটনা সংঘটিত কৰিছে, তেওঁলোকক একেই আদিবাসী সম্প্রদায়ৰ বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ এই ভয়ংকৰ ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ তদন্তত নামিছে আৰক্ষীয়ে৷ জানিব পৰা গৈছে যে এই ঘটনা কর্ণাটকৰ দাভানগেৰ জিলাৰ চান্নাগিৰি তালুকৰ আস্থাপানাহাল্লি গাঁৱৰ৷ চোৰৰ সন্দেহত যুৱকজনৰ ওপৰত এই নির্যাতন চলাইছে একেই আদিবাসী সম্প্রদায়ৰ কেইজনমান যুৱকে৷ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে অৰণ্যৰ মাজত এজন যুৱকক গছত বান্ধি পাশৱিক আতিশয্য চলোৱা হৈছে৷ কেইবাজনো লোকে আহি বাৰে বাৰে প্রহাৰ কৰিছে এই যুৱকজনক৷ অকল সেয়াই নহয়, যুৱকজনৰ গোপনাংগত ৰঙা পিপৰা মেলি দিয়া হৈছে৷ যন্ত্রণাত ছটফটাইছে যুৱকজনে৷ কিন্তু যুৱকজনৰ এই যন্ত্রণা দেখি উল্লাস প্রদর্শন কৰিছে আতিশয্য চলোৱা অন্য যুৱককেইজনে৷ এই ভিডি’ ভাইৰেল হোৱাৰ লগে লগে তীব্র বিতর্কৰ সৃষ্টি হৈছে কর্ণাটকত৷ যুৱকজনৰ ওপৰত এই পাশৱিক আতিশয্য চলোৱাৰ অধিকাৰ অন্য যুৱককেইজনে কেনেদৰে পালে বুলি বিভিন্ন মহলে প্রশ্ণৰ অৱতাৰণা কৰিছে৷ ছ’চিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতো আৰক্ষীয়ে কিয় পদক্ষেপ গ্রহণ কৰা নাই বুলিও একাংশই প্রশ্ণ তুলিছে৷ ইয়াৰ পাছতে আৰক্ষী–প্রশাসনে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হয়৷ স্থানীয় থানাৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি, এই ঘটনা কেইবাদিনো পূর্বৰ৷ ঘটনা সন্দর্ভত গাভানগেৰৰ আৰক্ষী অধীক্ষক উমা প্রশান্তই চান্নাগিৰি আৰক্ষীক সেই গাঁও পৰিদর্শন কৰি তদন্ত চলোৱাৰ নির্দেশ দিছে৷ সম্পূর্ণ তথ্য সংগ্রহ কৰি দ্রুত প্রতিবেদন দাখিল কৰাৰ নির্দেশো দিছে আৰক্ষী অধীক্ষকগৰাকীয়ে৷ ঘটনাৰ পুংখানুপুংখ তদন্ত চলোৱা হ’ব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ আৰক্ষীয়ে তদন্ত কৰিছে যদিও কোনো ধৰণৰ তথ্য সদৰী কৰা নাই৷