নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰ্ছৰ মৃত্যুক কেন্দ্ৰ কৰি চৰম সাম্প্ৰদায়িক উত্তেজনা

নিউজ ডেস্ক, ১৫ মাৰ্চঃ মৰণোত্তৰ পৰীক্ষাত নাৰ্ছৰ হত্যাকাণ্ড নিশ্চিত হোৱাৰ পিছতে কৰ্ণাটকত এগৰাকী নাৰ্ছৰ মৃত্যুক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়। এই গোচৰত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ বাসৱৰাজ বোমাই ইয়াক ‘লাভ জেহাদ’ৰ গোচৰ বুলি অভিহিত কৰি কংগ্ৰেছ চৰকাৰ অহাৰ পিছৰে পৰা এনে ঘটনা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰে।

ফতেহপুৰ গাঁৱৰ টুংগাভদ্ৰা নদীৰ সমীপত ২২ বছৰীয়া এগৰাকী যুৱতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। হাবেৰী জিলাৰ ৰট্টিহল্লী তালুকৰ মাছুৰু গাঁৱৰ বাসিন্দা ৰানেবেন্নুৰত কাম কৰিছিল তেওঁ। ৩ মাৰ্চত নিৰুদ্দেশ হোৱা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁৰ পৰিয়ালে মৃতদেহটো চিনাক্ত কৰে। মৰণোত্তৰ পৰীক্ষাত হত্যাকাণ্ড নিশ্চিত হোৱাৰ পিছত আৰক্ষীয়ে তদন্ত তীব্ৰতৰ কৰি এই গোচৰত নায়াজক গ্ৰেপ্তাৰ কৰে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই পিটিআইক জনোৱা মতে, “স্বাতী আৰু নায়াজৰ সম্পৰ্ক আছিল আৰু তেওঁ স্বাতীৰ লগত বিয়া হোৱাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু নিজৰ সমাজৰ আন এগৰাকী ছোৱালীৰ লগত বিয়া ঠিক হোৱাৰ পিছত স্বাতীৰ পৰা আঁতৰি থাকিবলৈ আৰম্ভ কৰিলে। তেওঁ কয় যে যেতিয়া স্বাতীয়ে তেওঁক এৰি গ’লে তেওঁক উদঙাই দিয়াৰ ভাবুকি দিছিল, তেতিয়া নায়াজে তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উঠিছে।’

বিজেপি নেতা বাসৱৰাজ বোমাইয়ে স্বাতীৰ হত্যাকাণ্ডক গৰিহণা দি এক বিবৃতিত অভিযোগ কৰে যে ৰাজ্যত ‘লাভ জেহাদ’ নেটৱৰ্ক সক্ৰিয় হৈ আছে আৰু অপৰাধীৰ মাজত ভয়ৰ অভাৱৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে। তেওঁ কয় যে দোষীক কঠোৰ শাস্তি দিলেহে এনে ঘটনা ৰোধ কৰিব পৰা যাব। বাসৱৰাজ বোমাইয়ে ৰাজ্য চৰকাৰক স্বাতীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দি ন্যায় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়। বোমাই অভিযোগ কৰে যে কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ অহাৰ পৰাই মহিলাসকল সুৰক্ষিত নহয়।

You might also like