তিনি ভাষা ফর্মূলাৰ অধীনত কোনো ভাষা কোনো ৰাজ্যত বলৱৎ নহয়
নিউজ ডেস্ক, ২০ মাৰ্চঃ ৰাষ্ট্রীয় শিক্ষা নীতিৰ অধীনত তিনি ভাষা ফর্মূলাৰ অধীনত কোনো ৰাজ্যতে কোনো ভাষা বলৱৎ কৰা নহয়৷ আজি ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে এই উত্তৰ দিয়ে৷ শিক্ষা মন্ত্রালয়ৰ মতে ৰাজ্যসমূহৰ দ্বাৰা ভাষা শিক্ষণটো শিক্ষার্থীৰ বাবে বিবেচনা কৰিব আৰু শিক্ষার্থীয়ে নিজৰ নমনীয়তা আৰু স্বায়ত্তৰ প্রতি লক্ষ্য ৰাখি ভাষা শিক্ষাটো বাছনি কৰিব৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৰাষ্ট্রীয় শিক্ষানীতিৰ অধীনত তিনি ভাষা ফর্মূলা বলৱৎ কৰাক লৈ তালিমনাডুত তীব্র বিৰোধ হৈছে৷ তামিলনাডু চৰকাৰে কেন্দ্রীয় চৰকাৰৰ এই তিনি ভাষা ফর্মূলা বলৱৎ নকৰে বুলি আঁকোৰগোজ স্থিতি গ্রহণ কৰি প্রত্যক্ষ সংঘাতত লিপ্ত হৈছে৷ কেন্দ্রই বলপূর্বকভাৱে হিন্দী প্রয়োগ কৰাৰ অভিযোগ তুলিছে তামিলনাডুত৷ ইয়াৰ পৰিপ্রেক্ষিতত নামিলনাডু চৰকাৰে কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধাচাৰণ কৰিছে৷ অৱশ্যে তামিলনাডুৰ অভিযোগ কেন্দ্রীয় চৰকাৰে খণ্ডন কৰিছে৷ তিনি ভাষা ফর্মূলাক লৈ বিতর্ক চলি থকাৰ মাজতেই আজি ৰাজ্যসভাত কেন্দ্রীয় শিক্ষা মন্ত্রালয়ে কোনো ৰাজ্যৰ ওপৰত বলপূর্বক তিনি ভাষা ফর্মূলা বলৱৎ কৰা নহয় বুলি প্রকাশ কৰিছে৷ অর্থাৎ কোনো ৰাজ্যই তেওঁলোকৰ শিক্ষার্থীৰ পছন্দ–পছন্দৰ প্রতি লক্ষ্য ৰাখি ভাষা বলৱৎ কৰিব পাৰিব৷ উল্লেখ্য যে নতুন শিক্ষানীতি–২০২০ অনুসৰি তিনি ভাষা ফর্মূলা নীতিক প্রাধান্য দিয়া হৈছে৷ এই নীতিৰ জৰিয়তে অতি কমেও তিনিটা ভাষা শিক্ষার্থীসকলে শিক্ষাত উৎসাহিত কৰা হৈছে৷ ইয়াৰে ভিতৰত তেওঁলোকৰ আঞ্চলিক আৰু সাংস্কৃতিক ঐতিহ্যক বুজাৰ বাবে ভাষাক প্রাধান্য দিয়া হৈছে৷
কূটনৈতিক জগতৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান ৰাইচিনা ডাইলগত ভাষণ পবিত্ৰ মাৰ্ঘেৰিটাৰ