নাৰী-শিশু নিগ্রহৰ শীর্ষত উত্তৰ প্রদেশ-মহাৰাষ্ট্র
বিশেষ বাৰ্তা, ২১ ডিচেম্বৰঃ দেশজুৰি নাৰী আৰু শিশুৰ ওপৰত নিগ্রহৰ ঘটনাত শীর্ষত আছে বিজেপিশাসিত ৰাজ্য উত্তৰ প্রদেশ আৰু মহাৰাষ্ট্র৷ তৃণমূল কংগ্রেছৰ সাংসদ অভিষেক বেনার্জীৰ এক লিখিত প্রশ্নৰ উত্তৰত এই তথ্য সংসদত প্রকাশ কৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা জনোৱা অনুসৰি ২০২২ চনত দেশৰ মুঠ নাৰী নিগ্রহৰ ১৫ শতাংশৰ বেছি ঘটনা ঘটিছে উত্তৰ প্রদেশত৷ আনফালে, শিশু নিগ্রহৰ ক্ষেত্রত শীর্ষত আছে শিৱসেনা–বিজেপি জোঁটশাসিত মহাৰাষ্ট্রত৷ সমগ্র দেশৰ ভিতৰত সংঘটিত শিশু নিগ্রহৰ ১৪ শতাংশই ঘটিছে মহাৰাষ্ট্রত৷
#বাৰ্তা ডেস্ক