নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰীলত মগ্ন চিকিৎসক : হৃদৰোগত মৃত্যু মহিলাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ জানুৱাৰীঃ হৃদৰোগত আক্রান্ত হৈ মৃত্যু যন্ত্রণাত ছটফটাই আছে মহিলাই৷ কিছু দূৰত বহি ৰোগীৰ চিকিৎসা কৰা দূৰৈৰ কথা ম’বাইলত ৰীলত ডুবি থাকিল চিকিৎসক৷ ৰোগীত উভতিও নাচালে চিকিৎসকে৷ ইয়াৰ ফলত বিনা চিকিৎসাত হাস্পতালৰ বিছনাতে মৃত্যু হ’ল মহিলাগৰাকীৰ৷ ভয়াৱহ এই ঘটনা সংঘটিত হৈছে উত্তৰপ্রদেশৰ এখন চৰকাৰী হাস্পতালত৷ সমগ্র ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে৷ অভিযুক্ত চিকিৎসকৰ শাস্তিৰ দাবীত সৰৱ হৈছে মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকল৷ স্থানীয় সূত্রই সদৰি কৰা অনুসৰি কালি এই ঘটনা সংঘটিত হৈছে উত্তৰ প্রদেশৰ মেইনপুৰীৰ মহাৰাজা তেজসিং জিলা হাস্পতালত৷ হৃদৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ৬০ বছৰীয়া মহিলাগৰাকীৰ নাম প্রৱেশ কুমাৰী৷ মহিলাগৰাকীৰ পুত্র গুৰুচৰণ সিঙে সদৰী কৰা অনুসৰি হঠাতে মাতৃৰ পীড়া আৰম্ভ হৈছিল৷ পৰিয়ালে চিকিৎসাৰ বাবে প্রৱেশ কুমাৰীক হাস্পতাললৈ লৈ আহে৷ সেই সময়ত হাস্পতালত কর্তব্যত আছিল চিকিৎসক আদর্শ চেংগাৰ৷ কিন্তু প্রৱেশ কুমাৰীৰ চিকিৎসা নকৰি আদর্শ চেংগাৰ ম’বাইলত ফেচবুক আৰু ইনষ্টাগ্রামত ৰীল চোৱাত ব্যস্ত হৈ আছিল৷ বাৰে বাৰে চিকিৎসকগৰাকীক প্রৱেশ কুমাৰীৰ সমস্যাৰ কথা জনোৱা হৈছিল যদিও চিকিৎসক চেংগাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে৷ ইয়াৰ কিছু সময়ৰ পিছতে মৃত্যু হয় কুমাৰীৰ৷

You might also like