নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলহী পক্ষীৰ কাকলিৰে মুখৰ নগাঁও মহাবিদ্যালয়ঃ কংক্ৰিটৰ নগৰীত পক্ষীক সুৰক্ষা এদল ছাত্ৰ-ছাত্ৰীৰ

নিয়মীয়া বাৰ্তা,১৯ নৱেম্বৰঃ নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত নগাঁও মহাবিদ্যালয়ৰ চৌহদত থকা প্ৰায় এক হেক্টৰ বৰ্গৰ জলাশয়টোলৈ শীতৰ আগমনৰ লগে লগে অগণন দেশী-বিদেশী পক্ষীৰ আগমন ঘটিছে । প্ৰতিবছৰেই শীতত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নিৱাসৰ কাষতে অৱস্থিত এই পুখুৰীটোত পৰিভ্ৰমী চৰাইৰ বিচৰণৰ মনোৰম দৃশ্যৰাজিয়ে সকলোকে মুগ্ধ কৰে । এই দৃশ্য উপভোগ কৰিবলৈ আগমন ঘটে বহু পৰ্যটকৰ । নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী পৰ্যন্ত নগাঁও কলেজ চৌহদৰ জলাশয়টোত অগণন দেশী বিদেশী আলহী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰে এলেকাটো । ইপিনে, এই পৰিভ্ৰমী চৰাইৰ প্ৰিয় বহু উদ্ভিদ ৰোপণেৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত আৰু নগাঁও মাণ্ডলিক বন সংমণ্ডলৰ সহযোগত পক্ষীকুলৰ সুৰক্ষাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰেই অংশ হিচাপে সোমবাৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰত বৰকটকী, প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ললিত গগৈ আৰু নগাঁও কলংপাৰ, অসম বিজ্ঞান সমিতিৰ সম্পাদক ড০ ভুবন চন্দ্ৰ চুতীয়াৰ উদ্যোগত পৰিভ্ৰমী পক্ষীৰ পৰ্যবেক্ষণ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে নগাঁও বন সংমণ্ডলৰ বিষয়া ৰাজেন চৌধুৰীৰ লগতে পক্ষী সংৰক্ষণৰ বাবে বিখ্যাত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপ শইকীয়াই অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসা কৰে । সজাগতামূলক অনুষ্ঠানত জলাশয়টোৰ চৌপাশৰ প্ৰতিবেশীক লৈ গঠন কৰা ‘Peoples Committee For Conservation of Migratory Birds in Nagaon College Campus’ৰ সভাপতি ইনামূল মাজিদ, মহাবিদ্যালয় কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা আৰু শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, পক্ষীকুলৰ সংৰক্ষণৰ বাবে ইয়াৰ পূৰ্বে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শব্দ প্ৰদূষণ বন্ধৰ আহ্বানেৰে দীপাৱলীত মানৱ শৃংখল কাৰ্যসূচীও গ্ৰহণ কৰিছিল ।

You might also like