নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ককয়াৰ বস্ত্ৰ উদ্যোগে মোকলাইছে স্বাৱলম্বিতাৰ পথ

দ্বিতীয় শুৱালকুছি

অৰূপ ৰঞ্জন বৰ্মন, নলবাৰী

বিংশ শতিকাৰ শেষৰ পিনে বস্ত্র উৎপাদনৰ ক্ষেত্রত এটা নৱজাগৰণৰ সৃষ্টি হৈছিল৷ এই বস্ত্র শিল্পই আমাৰ আর্থ–সামাজিক ক্ষেত্রখনত এক প্রভুত বৰঙণি দিবলৈ সক্ষম হৈছে৷ গৌৰৱোজ্জ্বল ছশ বছৰীয়া আহোম ৰাজত্বকালত স্বর্গদেউ ৰুদ্রসিংহৰ কার্যকালত (১৬৯৬–১৭১৪) ৰেচম শিল্পই যথেষ্ট উন্নতি সাধন কৰাৰ কথা উল্লেখ আছে৷ সেয়ে অসমৰ বস্ত্র শিল্পৰ ইতিহাস বহু পুৰণি৷ অসমীয়া শিপিনীয়ে বোৱা ‘ছাঁতে শুকোৱা মুঠিতে লুকোৱা’ বস্ত্র ইতিমধ্যে সমগ্র এছিয়াৰ বজাৰ দখল কৰিছে৷ শুৱালকুছিৰ পিছতে নলবাৰী জিলাৰ ককয়া গাঁওখনে বস্ত্র উৎপাদনৰ ক্ষেত্রত নৱজাগৰণৰ সৃষ্টি কৰি এক সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছে৷ শুৱালকুছিৰ বাট বুলোৱা ককয়া এতিয়া ‘দ্বিতীয় শুৱালকুচি’ত পৰিণত হোৱা বুলি কোৱা হয়৷
আশীৰ দশকত ককয়াত আৰম্ভ হৈছিল বস্ত্র উৎপাদন৷ গাঁওখনৰ বস্ত্র উৎপাদনৰ প্রবাদ পুৰুষ হৰমোহন নাথে ১৯৮২ চনতেই বস্ত্র উৎপাদনৰ বাবেই নিজৰ ঘৰতেই বস্ত্র উৎপাদন কৰিছিল৷ গাঁওখনত বস্ত্র শিল্পৰ বীজ ৰোপণ কৰা হৰমোহন নাথে অৱশ্যে শুৱালকুছিৰ হালোগাঁৱৰ পৰা আহি স্থায়ীভাৱে বসবাস কৰে৷ তেওঁ গামোচাৰ বস্ত্র উৎপাদন মুকলি কৰাৰ সময়ত আজিৰ দৰে ককয়াত নাছিল হস্তচালিত যন্ত্র ‘ড্রাম’৷ বাটি কাড়িবৰ বাবে নিব লগা হৈছিল শুৱালকুছি আৰু হালোগাঁৱলৈ৷ ইয়াৰ পৰৱর্তী সময়ত এই উদ্যোটোক আন এক মাত্রা প্রদান কৰে ককয়াৰ নিচেই গাতেই লাগি থকা বর্ণিবাৰী গাঁৱৰ নাথ চুপাৰ মদন চন্দ্র নাথে৷ বিগত অসম আন্দোলনৰ সময়ত ১৯৮৩ চনৰ ৮ ফেব্রুৱাৰীত বেলশৰ থানাৰ সন্মুখত আৰক্ষীয়ে আন্দোলনকাৰীৰ ওপৰত চলোৱা নির্বিচাৰ গুলীচালনাত গুলীবিদ্ধ হৈ ঘূণীয়া হ’ব লগা হয় মদন চন্দ্র নাথ৷ নাথে ১৯৮৮ চনত ককয়াৰ বস্ত্র উদ্যোগৰ বৰভেটি নির্মাণত নামি পৰে আৰু প্রথমবাৰৰ বাবে পাট–মুগাৰ বস্ত্র উদ্যোগ প্রতিষ্ঠা কৰে৷ বস্ত্র উদ্যোগ সন্দর্ভত অনভিজ্ঞ নাথে শুৱালকুছিত প্রশিক্ষণপ্রাপ্ত স্থানীয় শিপিনীৰ পৰামর্শ মতে চাৰিখন পাটৰ মেখেলা–চাদৰ বোৱা শাল আৰু এটা হস্তচালিত বস্ত্র (ড্রাম) নির্মাণ কৰালে৷ ইয়াৰ পিছতে হৰগোবিন্দ নাথ আৰু অনিল নাথে পাট–মুগাৰ শাল নির্মাণ কৰাই বস্ত্র উদ্যোগ প্রতিষ্ঠা কৰিলে৷ এনে উদ্যোগৰ প্রতি আকর্ষিত হৈ ইজনৰ পিছত সিজনকৈ শিক্ষিত নিবনুৱা যুৱকে ঘৰে ঘৰে বস্ত্র উদ্যোগ খুলি স্বাৱলম্বী হোৱাৰ পথ প্রশস্ত কৰি তোলে৷
গাঁওখনৰ প্রায় প্রতিটো পৰিয়ালত মাকোৰ খটখট শব্দ৷ শিক্ষিত নিবনুৱা যুৱক তথা ‘জয়মতী চিল্ক হাউছ’ৰ স্বত্বাধিকাৰী প্রদীপ নাথে জানিবলৈ দিয়া মতে, গাঁওখনত সম্প্রতি ২০০–২৫০খন শাল আছে৷ ইয়াৰ ভিতৰত পাটৰ ৪০খন, মুগাৰ ৬খন আৰু ১৫০–২০০খন গামোচাৰ শাল আছে৷ ইয়াৰ লগতে নাথৰ ‘জয়মতী চিল্ক হাউছ’আৰু কমলেশ্বৰ বর্মনৰ ‘আৰতী চিল্ক হাউছ’ নামৰ প্রতিষ্ঠান দুখনে কেঁচা সামগ্রী আৰু উৎপাদিত বস্ত্র বিক্রী কৰি আহিছে৷ পূর্বতে এনে প্রতিষ্ঠান পাঁচখন আছিল৷ ইয়াৰে প্রণৱ হালৈৰ মল্লিকা ছিল্ক চেণ্টাৰ, ভবেন নাথ ‘মাতৃ ছিল্ক হাউছ’ আৰু পংকজ নাথৰ ‘লাৱণ্য ৰেচম উদ্যোগ’ নামৰ প্রতিষ্ঠানকেইখন ইতিমধ্যে বিভিন্ন কাৰণত বন্ধ হৈ পৰিল৷ গাঁওখনৰ পংকজ নাথ আৰু তেওঁৰ ভাতৃ মজুম নাথে পাট–মুগা আৰু গামোচাৰ বিভিন্ন ডিজাইন বনাই সমাদৰ লাভ কৰিছে৷ আনহাতে, যোৱা কেইটামান বছৰৰ পৰা এই দুই ভাতৃয়ে কম্পিউটাৰ আৰু স্কেনাৰ মেচিন ব্যৱহাৰ কৰি বিভিন্ন ডিজাইন প্রস্তুত কৰি আছে৷ যাৰ ফলত ককয়াৰ পাট–মুগাৰ কাপোৰ আৰু গামোচাই শুৱালকুছিৰ বস্ত্রৰ লগত ফেৰ মাৰিবলৈ সক্ষম হৈছে৷ আনহাতে, ককয়া গাঁৱত আছে সম্প্রতি তিনিগৰাকী ফেৰিৱালা৷ ফেৰিৱালাই গাঁৱৰ উৎপাদিত বস্ত্র বিভিন্ন প্রান্তলৈ বিক্রীৰ বাবে কঢ়িয়াই নিয়ে৷ গাঁওখনত সর্বাধিক পাঁচখনকৈ শাল থকা শিক্ষিত নিবনুৱা যুৱক জিতুমণি ডেকাও এগৰাকী ফেৰিৱালা৷ এনেদৰে গাঁওখনৰ বিভিন্ন শ্রেণীৰ লোকে দেখুৱাইছে স্বাৱলিম্বতাৰ পথ।

You might also like