নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন যুঁজৰ অক্লান্ত যোদ্ধা লোহাৰঘাটৰ দ্বিপেন কছাৰী

নুৰুল ইছলাম 

সাহসেৰে আগুৱাব পাৰিলে লক্ষ্য নেহেৰুৱায়৷ সাহস আৰু মনৰ প্রবল ইচ্ছা শক্তিৰ ওচৰত যিকোনো প্রতিবন্ধকতাই হাৰ মানিবলগীয়া হয়৷ ইয়াৰ বাবে লাগে নিজৰ মনৰ সুশৃংখলিত সংকল্প৷ তেনে এগৰাকী দৃঢ়মনৰ প্রবল আত্মবিশ্বাসী যুৱক হ’ল দ্বিপেন চন্দ্র কছাৰী৷ কামৰূপ জিলাৰ অসম–মেঘালয় সীমান্তৱর্তী লোহাৰঘাটৰ সমীপৰ কুমাৰবড়ীৰ গুণাধৰ কছাৰীৰ পুত্র দ্বিপেন কছাৰীৰ জীৱন সংগ্রাম বাৰুকৈয়ে মন কৰিবলগীয়া৷ কিয়নো শিক্ষিত যুৱক দ্বিপেনে জানিবলৈ দিয়া অনুসৰি ২০০৯ চনত তেওঁ এক মটৰচাইকেল দুর্ঘটনাত পতিত হয়৷ উক্ত দুর্ঘটনাত গুৰুতৰভাৱে আহত হৈ মৃত্যুমুখৰ পৰা ৰক্ষা পৰিল যদিও সম্পূর্ণ শৰীৰটো অৱশ হৈ পৰে৷ তেনেক্ষেত্রত প্রায় চাৰি বছৰ কাল শয্যাশায়ী হৈ থাকিবলগীয়া হয় তেওঁ৷ পিছে অপৰিসীম মনোবলৰ অধিকাৰী তথা জীৱনৰ মোহত বন্দী দ্বিপেনে নিয়মীয়া যোগাসন তথা চিকিৎসাৰ জৰিয়তে বাকসত্ত্বা ঘূৰাই পায় যদিও শাৰীৰিক ক্ষমতা সম্পূর্ণৰূপে ঘূৰাই নাপালে৷ যাৰ বাবে পেং তথা পৰিয়ালৰ সদস্যৰ সহায়ত জীৱনৰ প্রতিটো পল পাৰ কৰি আহিছে৷ কিন্তু লক্ষণীয় কথাটো হ’ল শাৰীৰিক অক্ষমতা নেওচি কর্মদ্যোমী যুৱকজনে ২০১৭ চনত গুৱাহাটীৰ আই আই ই প্রতিষ্ঠানত বিনামূলীয়া প্রশিক্ষণ গ্রহণ কৰি নিজ ঘৰতে আৰম্ভ কৰে বিজ্ঞানসন্মতভাৱে মৌ পালন৷ তদুপৰি মৌ পালনৰ জৰিয়তে লাভান্বিত হোৱাৰ বিষয়ে উল্লেখ কৰাৰ উপৰি বর্তমানে হাঁহ, কুকুৰা আদিও পালন কৰিবলৈ লোৱা বুলি জনায় তেওঁ৷ পিছে দিব্যাংগসকলৰ বাবে অনেক চৰকাৰী অভিলাষী আঁচনি আছে যদিও আজিলৈকে তেনে কোনো আঁচনিৰ সা–সুবিধা লাভ কৰিবলৈ সক্ষম নোহোৱাত আক্ষেপ প্রকাশ কৰে৷ আচলতে জীৱনৰ প্রতিটো ক্ষেত্রতে মানসিক শক্তি অবিহনে যে সকলো অসাৰ তাকেই প্রমাণ কৰি দেখুৱাইছে এইগৰাকী বিশেষভাৱে সক্ষম যুৱকে৷ গতিকে আমিও আশা কৰো দ্বিপেনৰ জীৱন সংগ্রামৰ যাত্রা সফল হওক৷

You might also like