যাদু বিদ্যাৰবটবৃক্ষস্বৰ্ আনোৱাৰ হুছেইনৰ কথাৰে
‘ব্লেক মেজিক’ৰ ধাৰণাক কলাত্মক ৰূপত দর্শকৰ সন্মুখত দাঙি ধৰাত সফল
কৃষ্ণা গগৈ, দুলীয়াজান
মই যি ক’ম আপোনালোকে তাকে শুনিব, মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব৷’– ৰংগমঞ্চৰ আঁৰ কাপোৰৰ পৰা ভাহি আহে গলগলীয়া পুৰুষ কণ্ঠস্বৰ৷ মন্ত্রমুগ্ধ হৈ দর্শকে সেই নির্দেশ যেন মানি লয়৷ চকুৰ পলক নপৰাকৈ অধীৰ আগ্রহ আৰু উৎকণ্ঠাৰে বাট চাই ৰয় মঞ্চলৈ৷ তাৰ পাছত পুৰণি আমেজভৰা গীত আৰু পোহৰৰ কাৰচাজিৰ মাজত মঞ্চত ছগৰাকী সদস্যই ত্রিকোণ আকাৰত তিনিখন ডাঙৰ আকাৰৰ তাচ পাত দাঙি ধৰে৷ হঠাৎ উচপ খাই যোৱাতকৈ মঞ্চত এটা ডাঙৰ শব্দ, লগে লগে তাচপাতৰ ত্রিকোণৰ মাজৰ পৰা আৱির্ভাৱ হয় মঞ্চৰ মধ্যমণি৷ দেশৰ বিভিন্ন মঞ্চত বিবিধ যাদুকলাৰে ৰেকর্ড গঢি ‘ভাৰতৰ শ্রেষ্ঠ থলুৱা যাদুকৰ’ আখ্যা পোৱা যাদুকৰ আনোৱাৰ হুছেইন৷ দর্শকৰ বিপুল হর্ষোল্লাস আৰু অবিৰাম হাত তালিৰ মাজত তেওঁৰ যাদুশৈলীয়ে প্রাণ পাই উঠে৷ ষাঠি–সত্তৰ দশকৰ প্রখ্যাত যাদু সম্রাট প্রয়াত এম হুছেইনৰ মুখৰ জনপ্রিয় বাক্যশাৰী লৈ ভাগিনীয়েক আনোৱাৰ হুছেইনো যেন একেই পথৰ পথিক হৈ পৰিল৷ যাদু সম্রাটগৰাকীৰ এই কণ্ঠকজীৱিত কৰি ৰাখিবলৈ আপ্রাণ চেষ্টা যাদুকৰ আনোৱাৰ হুছেইনৰ৷ সেয়ে তেওঁৰ বিৰামহীন যাত্রা মঞ্চৰ পৰা মঞ্চলৈ৷ তেওঁৰ যাদুকলাই আঠবছৰীয়া শিশুৰ পৰা ৮৮ বয়সীয়া বৃদ্ধক দর্শক হিচাপে সামৰি লয়৷ তৈলনগৰী দুলীয়াজান ক্ষেত্রৰ পৰা ভাৰতৰ বিভিন্ন মঞ্চই মঞ্চই যাদুকলা প্রদর্শন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰাৰ সমান্তৰালভাৱে সান্নিধ্য লাভ কৰিছে বিশ্ববিখ্যাত যাদুকৰৰ৷ তাহানিৰ প্রচলিত ‘ব্লেক মেজিক’ ধাৰণাটোক আজি বিজ্ঞানৰ যুগত অন্ধবিশ্বাস বা মিৰাকল খোলাৰ পৰা উলিয়াই কলাত্মক ৰূপত দর্শকৰ সন্মুখত দাঙি ধৰিবলৈ সক্ষম হৈছে যাদুকৰ আনোৱাৰ হুছেইনে৷ দৰাচলতে মেজিকৰ কোনো ভাষা নাই৷ একালৰ মায়ামন্ত্রৰ দেশ অসমত এতিয়া ফুঁ মাৰি অসম্ভৱক সম্ভৱ কৰিব পৰাটো যাদু নহয়৷ যাদুকলাক অন্ধবিশ্বাসৰ পৰা সম্পূর্ণৰূপে আঁতৰাই বৈজ্ঞানিক ভিত্তিত প্রতিষ্ঠা কৰিব লাগিব৷ আজিৰ যাদু খেল এক বিজ্ঞানৰ চমক মাথোঁ৷ বাকশৈলীৰ চাতুর্যই দর্শকক নিজৰ প্রতি বিশ্বাস জন্মাই ল’ব পৰাটোৱেই সফল যাদুকৰৰ অন্যতম কলা৷ যাদু বিদ্যাৰ প্রসংগত আনোৱাৰ হুছেইনৰ এই শাশ্বত অনুভৱ৷ একালৰ বিজ্ঞানৰ ছাত্র আনোৱাৰ হুছেইনে মামাকৰ যাদু খেলৰ পৰা যথেষ্ট অনুপ্রাণিত হৈ জীৱনৰ প্রথমখন মঞ্চ লাভ কৰিছিল গুৱাহাটী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত৷ নিজেই এগৰাকী নৱাগত হৈ বন্ধুবর্গ তথা ছিনিয়ৰ ছাত্রৰ হেঁচাত প্রদর্শন কৰিছিল কিছু যাদুশৈলী৷ তেতিয়াই মহাবিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী তথা ছাত্র–ছাত্রীৰ প্রত্যেকৰে আদৰত উত্তৰণ ঘটিল এগৰাকী পৰিপক্ব যাদুকৰলৈ৷ নব্বৈৰ দশকত স্বনামধন্য অভিনেতা নিপন গোস্বামীয়ে আঁত ধৰা দূৰদর্শনৰ এক অনুষ্ঠানত তেওঁ প্রথমবাৰলৈ পেছাগতভাৱে যাদুকলা প্রদর্শন কৰে৷ পাছলৈ অসমৰ জনপ্রিয় বহুকেইটা ছেটেলাইট চেনেলতো তেওঁ যাদুকলা প্রদর্শন কৰিছে৷ ক্রমান্বয়ে তেওঁৰ যাদুকলাই প্রসাৰ আৰু প্রচাৰ লাভ কৰিলে৷ তেওঁৰ প্রদর্শিত যাদুশৈলীৰ ভিতৰত বিশ্ববিখ্যাত যাদুকৰ হুদিনীৰ স্মৃতিত ‘হুদিনী ইল্যুচনবক্স’ অথবা ‘দ্য গ্রেট এস্কেপ’, যুৱতীক শূন্যত ধৰি ৰখা, মঞ্চ ফুলনি বাগিচালৈ পৰিণত, টেম্পল অৱ কামাখ্যা আদিৰ উপৰি মুখগহ্বৰৰ পৰা প্রায় হাজাৰ মিটাৰ দৈর্ঘ্যৰ ৰছী ওলোৱা আদিয়েই প্রধান৷ আনহাতে ভাৰতৰ ১৫ৰো অধিক চহৰত চকুত ক’লা কাপোৰ বান্ধি মটৰচাইকেল চলাই জনমানসত একপ্রকাৰ আলোডন সৃষ্টি কৰিছিল যাদুকৰ হুছেইনে৷ সেই সময়তে সর্বভাৰতীয় বিশ্ববিদ্যালয়ৰ যুৱ কেম্পত একমাত্র যাদুকৰ হিচাপে তেওঁৰ প্রদর্শিত যাদুকলাই বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ল৷ ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ মঞ্চৰ উপৰি চৰকাৰীভাৱে অনুষ্ঠিত নমামিব্রহ্মপুত্র, জয়পুৰ ৰেইন ফৰেষ্ট ফেষ্টিভেল, মার্ঘেৰিটা দিহিং পাটকাই ফেষ্টিভেল, ইণ্ডিয়ান এয়াৰফ’চ তিনিচুকীয়া আৰু ডিগাৰু, নাৰেংগী ভাৰতীয় সেনা কেম্প, আছাম ৰাইফলছ নাগালেণ্ড ইত্যাদি বিভিন্ন মঞ্চৰ আমন্ত্রণক্রমে তেওঁ প্রদর্শন কৰি গৈছে বিভিন্ন যাদুকলা৷ অসমকে ধৰি কলকাতা, মুম্বাই, হায়দৰাবাদ আদি বহিঃৰাজ্যৰ বিভিন্ন প্রান্তত এতিয়ালৈ মুঠ ৭০০ৰো অধিক মঞ্চত তেওঁ যাদুকলা প্রদর্শন কৰি উচ্চ প্রশংসিত হৈছে৷ সেই সুবাদতে ভাৰতৰ আটাইতকৈ বেগী যাদুকৰ হিচাপে খ্যাত এম এছ কুমাৰৰ সৈতে একেখন মঞ্চত একেলগে যাদু দেখুওৱাৰ সৌভাগ্য হৈছিল৷ ৰাষ্ট্রীয় যাদুবিদ্যাৰ মহানায়ক ৰজত নৰশ্বিমাম (দক্ষিণ ভাৰত), আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন সূৰয সিং আদিৰ দৰে বিশ্ববিখ্যাত যাদুকৰৰো সান্নিধ্য লাভ কৰিছে৷ ১৯৬৯ চনতে যাদু সম্রাট এম হুছেইনে থলুৱা ল’ৰা– ছোৱালীক লৈ গঠন কৰা আছাম মেজিক আর্টৰবর্তমান সঞ্চালক হিচাপে দায়িত্বভাৰ লৈ আছে আনোৱাৰ হুছেইনে৷ অৱশ্যে বিভিন্ন পৰিস্থিতিসাপেক্ষে অসমত বর্তমান যাদুকৰৰ সংখ্যা তেনেই সীমিত আৰু যাদুৰ প্রদর্শনীত ব্যৱহূত সামগ্রী ব্যয়বহুল আৰু সহজলভ্য নহয়৷ ইয়াৰ প্রয়োজনীয় সামগ্রী আনিবলৈ কলকাতালৈ ঢাপলি মেলিব লগা হয়৷ কেতবোৰ সামাজিক পৰিৱেশৰবাবেও হয়তো যাদুকলাৰ আদৰ পূর্বতকৈ হ্রাস পাবলৈ ধৰিছে৷ একালত যাদুৰ ৰংগমঞ্চত দপদপাই থকা আনোৱাৰ হুছেইনে বহু অভাৱী সময় পাৰ কৰিছে৷ সঞ্চয় কৰিছে ৩৫ বছৰীয়া অম্লমধুৰ অভিজ্ঞতা৷ তৎসত্ত্বেও আনোৱাৰ হুছেইনে মেজিক আর্টৰ বর্তমান ১৮–২০ জনীয়া দলটোক লৈ অসমীয়া সমাজ জীৱনৰ পৰা ক্রমান্বয়ে অতীত হ’বলৈ ধৰা পৰম্পৰাগত যাদুকলাক অকলেইবটবৃক্ষ হৈ খামুচি ধৰি ৰাখিছে৷
‘Save Magic and Save the dying Art in Assam and let us together to proof Assam is a land of Magic, land of Kamrup, Kamakhya and mayong.’