নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনলাইন ব্যৱসায়েৰে সফলতাৰ বাটত অসমীয়া জীয়ৰী

  • কিশলয় দেৱগোস্বামী, হোজাই

আধুনিক জীৱনত সামাজিক মাধ্যম এক অপৰিহার্য অংগ হৈ পৰিছে৷ বিশেষকৈ নৱপ্রজন্ম এই সামাজিক মাধ্যমৰ প্রতি আকর্ষিত৷ এই সামাজিক মাধ্যমৰ বহু নেতিবাচক দিশ আছে৷ আধুনিক যুগত এই মাধ্যমৰ কবলত পৰি বহু নতুন প্রজন্ম উটি–ভাহি গৈ দিক্বিদিক হেৰুৱাইছে৷ ঠিক তেনে সময়তে এগৰাকী অসমীয়া যুৱতীয়ে এই সামাজিক মাধ্যমৰ আলমত ব্যৱসায় কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে৷ এই অসমীয়া যুৱতীগৰাকী হ’ল গুৱাহাটীৰ তুলিকা বৰুৱা৷ বিশ্বজিৎ বৰুৱা আৰু সুৱর্ণ মহন্ত বৰুৱাৰ কন্যা তুলিকাই ইতিমধ্যে মুম্বাইৰ পৰা এম বি এ ডিগ্রী লৈ তাতে এটি ব্যক্তিগত প্রতিষ্ঠানত মার্কেটিং মেনেজাৰ হিচাপে কর্মৰত৷ তেওঁ গুৱাহাটী কমার্চ কলেজৰ পৰা সুখ্যাতিৰে বাণিজ্যৰ স্নাতক ডিগ্রী লয়৷ ২০১৭ চনতে তেওঁৰ সামাজিক মাধ্যমৰ লগত পৰিচয় হয়৷ সেই চনৰে নৱেম্বৰত ইনষ্টাগ্রামত গুৱাহাটী বিউটী ষ্টোৰ নামৰ এটা পেজ খুলি ব্যৱসায় আৰম্ভ কৰে৷ প্রথম অৱস্থাত তেওঁ কেছ অন ডেলিভাৰীৰে সৌন্দর্য সামগ্রী, বিভিন্ন গহনা, বিভিন্ন বেগ আদি যোগান ধৰিছিল৷ তেওঁ বর্তমান সমগ্র ভাৰতত ডেলিভাৰী ডট কমৰ যোগেদি নিজৰ সামগ্রী যোগান ধৰে৷ গুৱাহাটী বিউটী ষ্টোৰৰ বর্তমান ১.৭ কে ফলোৱার্ছ৷ নিজৰ পঢ়া আৰু কর্মৰ লগতে তুলিকাই ঘৰতে বহিবছৰেকত প্রায় ডেৰ লাখ টকা উপার্জন কৰে৷ তুলিকাৰ ইচ্ছা– ভৱিষ্যতে তেওঁৰ ৱেবছাইটৰ জৰিয়তে সমগ্র বিশ্বত ব্যৱসায় কৰা৷ সামাজিক মাধ্যমৰ জৰিয়তে সুলভ মূল্যত এনেদৰে অসমীয়া যুৱতীয়ে ব্যৱসায় কৰাখ সংখ্যা অসমত হয়তো তেনেই নগণ্য৷ তুলিকাৰ উত্তৰোত্তৰ কামনা কৰিলোঁ ৷

You might also like