নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যান্ত্রিকতাৰ ধামখুমীয়াত মানৱতাৰ ‘পোহৰ’

যোৰহাটৰ এদল যুৱক–যুৱতীয়ে দেখুৱাইছে জীৱপ্রেমৰ নিদর্শন

অজয় শইকীয়া, নগাবাট

যান্ত্রিকতাৰ ব্যস্তময় সমাজ জীৱনৰ মাজতো জীৱপ্রেমৰ এক উজ্জ্বল নিদর্শন দেখুৱাইছে ‘পোহৰ’ নামৰ যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংস্থাই৷ দুচকুত সমাজৰ বাবে ভাল কিবা এটা কৰাৰ সপোন কঢ়িয়াই লৈ ফুৰা যোৰহাট জিলাৰ এদল উদ্যমী যুৱক–যুৱতীৰ এই নিঃস্বার্থ প্রচেষ্টাইবর্তমান ৰাইজৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে৷ প্রথম অৱস্থাত এটা হোৱাট্ছ এপ গ্রুপেৰে আৰম্ভ হোৱা ‘পোহৰ’ নামৰ সংস্থাটোৱে প্রতিদিনে চহৰখনৰ আশ্রয়হীন জীৱ–জন্তুবোৰক খাদ্য, পানী আৰু চিকিৎসা সেৱা প্রদান কৰাৰ এক আদৰণীয় পদক্ষেপ হাতত লৈছে৷ বিগত কেইবামাহৰ পৰা অব্যাহত থকা তেওঁলোকৰ এই মহান প্রচেষ্টাইবর্তমান যথেষ্ট সফল ৰূপ পোৱা পৰিলক্ষিত হৈছে৷ সময়ে সমযে Adoption Camp, Vaccination Camp আদিও অনুষ্ঠিত কৰি সংস্থাটোৱে ৰাইজক সেৱা আগবঢ়াই আহিছে৷ জানিব পৰা মতে, জিলাখনৰ বিভিন্ন অঞ্চলৰ ডেৰ শতাধিক যুৱক–যুৱতী এই ‘পোহৰ’ নামৰ সংস্থাটোৰ সৈতে ওতপ্রোতভাৱে জডিত হৈ পৰিছে৷ যোৰহাটৰ পশু চিকিৎসক অপূর্ব বুঢ়াগোহাঁইক সভাপতি, উদ্যমী যুৱক বিনোদ হাজৰিকাক সাধাৰণ সম্পাদক, বৰহোলাৰ ৰাহুল সুৰজিৎ সন্দিকৈক সহকাৰী সম্পাদক, ফাইজা আহমেদক কোষাধ্যক্ষ আৰু চহৰখনৰ কেইবাজনো জ্যেষ্ঠ তথা সচেতন ব্যক্তিক উপদেষ্টা হিচাপে লৈ গঠন কৰিছে এখন পূর্ণাংগ পৰিচালনা সমিতি৷ এই সমিতিখনৰ ১৫গৰাকীতকৈও অধিক যুৱক–যুৱতীৰ দ্বাৰা গঠন হৈছে এটা উদ্ধাৰকাৰী দল৷ এই উদ্ধাৰকাৰী দলটোৱে কোনো উৎসৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যিকোনো মুহূর্ততে চহৰখনৰ যিকোনো স্থানত আঘাতপ্রাপ্ত হোৱা জীৱ–জন্তুবোৰক উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰে৷ ইফালে প্রতিদিনে পুৱা ৬ বজাৰ পৰা ‘পোহৰ’ৰ সক্রিয় কর্মীসকলে তিনি–চাৰি ঘণ্টাৰ বাবে যোৰহাট চহৰখনত ঘূৰি ফুৰা আশ্রয়হীন জীৱ–জন্তুবোৰক খাদ্যৰ যোগান ধৰে৷ অসুস্থ তথা ৰুগীয়া জীৱ–জন্তুবোৰক চিকিৎসা সেৱা প্রদান কৰি ক’ৰবাত আশ্রয়ৰ ব্যৱস্থা কৰি দিয়ে৷ এই আঘাতপ্রাপ্ত আৰু ৰুগীয়া জীৱ–জন্তুবোৰৰ বাবে সংস্থাটোৱে এক স্থায়ী আশ্রয় গৃহ মুকলি কৰাৰো চিন্তা–চর্চা কৰিছে৷ দেওবাৰৰ দিনটোত সাধাৰণতে সংস্থাটোৰ যথেষ্টসংখ্যক সদস্য–সদস্যাই এই কার্যত অংশগ্রহণ কৰে৷ প্রণিধানযোগ্য যে সংস্থাটোৰ প্রায় ডেৰ শতাধিক যুৱক–যুৱতীয়ে নিজৰ সাঁচতীয়া ধন ব্যয় কৰিয়েই প্রতিদিনে জীৱ–জন্তুবোৰক পুষ্টিকৰ খাদ্য যোগান ধৰি আহিছে৷ দৈনিক প্রায় ৫–৮ কেজিকৈ মাংস আৰু ১২–১৬ কেজি চাউল ক্রয় কৰিব লগা হয়৷ পিছে মাজে–সময়ে চহৰখনৰ দুই–এজন ব্যক্তিয়ে এইক্ষেত্রত সহায়–সহযোগিতা আগবঢ়াইছে বুলিও সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে৷ সংস্থাটোৰ সহকাৰী সম্পাদক ৰাহুল সুৰজিৎ সন্দিকৈয়ে কয় যে যান্ত্রিকতাৰ ধামখুমীয়াত বর্তমান একাংশ লোকে পোহনীয়া জীৱ–জন্তুবোৰক এলাগী কৰি পেলোৱা কার্য অতি দুর্ভাগ্যজনক৷ ভোকাতুৰ, আশ্রয়হীন, ৰুগীয়া জীৱ–জন্তুৰে ভৰা এখন চহৰ কেতিয়াও ধুনীয়া বুলিব নোৱাৰি৷ জীৱশ্রেষ্ঠ হিচাপে এইক্ষেত্রত আমি সকলো সজাগ হ’বই লাগিব৷ উল্লেখ্য যে অহা ১ মার্চত যোৰহাটত ‘পোহৰ’ৰ উদ্যোগত এট Vaccination Campৰ আয়োজন কৰিছে৷ কেইবাজনো জ্যেষ্ঠ পশু চিকিৎসকে অংশগ্রহণ কৰিব লগা এই কেম্পত সকলো জীৱ–জন্তুক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব৷ নিৰাশ্রয় জীৱ–জন্তুবোৰক লৈ স্বেচ্ছাসেৱী সংস্থা ‘পোহৰে’ কৰি অহা এনে ত্যাগক বর্তমান চহৰখনৰ বিভিন্ন স্তৰৰ কেইবাগৰাকী সচেতন লোকে একেমুখে শলাগ লোৱা দেখা গৈছে৷
ফোনঃ ৮১৩৫৯–৬৬১৬৬

You might also like