নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত মাছৰুমৰ খেতিৰে স্বাৱলম্বনৰ সপোন পৰশজ্যোতিৰ

জগত গগৈ ফোনঃ ৯৬১৩৪-৯৯২২৭

 

ৰাজ্যখনত যিটো সময়ত একাংশ শিক্ষিত নিবনুৱাই চৰকাৰী সংস্থাপনৰ পৰা বিমুখ হৈ বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, ঠিক তেনে সময়তে এসময়ৰ কলিয়াপানী লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ এলেকাৰ ভোলাবৰি গাঁও পঞ্চায়তৰ অন্তর্গত ভৰপূৰ গাঁৱৰ শিক্ষিত যুৱক পৰশজ্যোতি (বলিন) গগৈয়ে বিগত তিনি বছৰৰ পৰা মাছৰুম ফার্ম খুলি স্বাৱলম্বনৰ সপোন দেখি হাতে–কামে আগবাঢ়িছে৷ নাৰায়ণপুৰ অঞ্চলৰ ১নং ভোলাবৰিৰ পিতৃ প্রেম গগৈ আৰু মাতৃ স্বর্ণ গগৈৰ প্রথম সন্তান তথা শিক্ষিত যুৱক পৰশজ্যোতিয়ে বিগত ২০১৭ চনতে ডি ভিটামিনযুক্ত তথা ডৎকৃষ্ট প্র’টিনযুক্ত খাদ্য কাঠফুলা খেতিৰ বাবে লখিমপুৰ, তিনিচুকীয়া আৰু গুৱাহাটীত প্রশিক্ষণ গ্রহণ কৰিছিল আৰু ইয়াৰ পিছৰ পৰাই নিজা বাসগৃহতে নিজাকৈ এখন কাঠফুলা ডৎপাদনৰ ফার্ম হাডছ খুলি ডন্নত প্রজাতিৰ বাটন’ মাছৰুম আৰু ৱয়েষ্টাৰ মাছৰুমৰ খেতিৰে স্বাৱলম্বনৰ দিশে আগবাঢ়িছে৷ বর্তমান বজাৰত ডক্ত দুয়োবিধ প্রজাতিৰ কাঠফুলাৰে অসম আৰু চুবুৰীয়া ৰাজ্য অৰুণাচলত এই বজাৰত আছে৷ এক আশাজনক বজাৰ দেখি নেৰানেপেৰা প্রচেষ্টাৰে কাঠফুলা খেতিত আত্মনিয়োজিত হৈ স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে৷ শিলিগুৰিৰ পৰা ‘ৱয়েষ্টাৰ মাছৰুম’ আৰু দিল্লীৰ পৰা ‘বাটন’ মাছৰুম’ৰ ডন্নত প্রজাতিৰ বীজ ক্রয় কৰি ২০১৭ চনৰ অক্টোবৰ মাহৰ পৰা এই খেতি আৰম্ভ কৰে৷ বর্তমান ‘বাটন’ মাছৰুম’ ১৩ টন আৰু ‘ৱয়েষ্টাৰ মাছৰুম’ ১৫শ পেকেটৰ ধান খেৰৰ সৈতে বিশেষ পদ্ধতিৰে সংমিশ্রণ কৰি কাঠফুলা ডৎপাদনৰ বাবে প্রস্তুতি চলোৱাৰ সময়ত কমেও দহৰ পৰা পোন্ধৰজনকৈ কর্মীৰ প্রয়োজন হয় আৰু পৰৱর্তী সময়ত প্রতিদিনে তিনি–চাৰিজনকৈ সহায়কাৰীৰ প্রয়োজন হয়৷ পাঁচ লাখ টকাৰ ব্যয়সাপেক্ষে গঢ়ি তোলা ডক্ত ফার্মখনত বাটন’ মাছৰুম প্রতিদিনে ১০ কেজিৰ পৰা ১২০ কেজি আৰু ৱয়েষ্টাৰ মাছৰুম ১৫০ কেজি পর্যন্ত ডৎপাদন হয়৷ অসমৰ লগতে এই কাঠফুলাৰ কাষৰীয়া চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু বিভিন্ন ৰাজ্যলৈও আমদানি কৰিব পাৰিব বুলি তেওঁ আশাবাদী৷ ‘মাছৰুম খাওক, সুস্বাস্থ্য অটুট ৰাখক, অন্য খাদ্যৰ দৰে এই খাদ্যৰ পৰা কোনো পার্শ্বক্রিয়া নাই৷’ –ৰাইজলৈ এই আহ্বানেৰে কাঠফুলা খেতিৰে জিলাখনতে এক কৃষি বিপ্লৱ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ এই মাছৰুম খেতি আৰম্ভ কৰাৰ ক্ষেত্রত এইগৰাকী যুৱকে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্রৰ লগতে ধেমাজিৰ কৃষি বিজ্ঞান কেন্দ্রৰ মাছৰুম বিভাগৰ বিশেষজ্ঞ গুঞ্জন গগৈ, তিনিচুকীয়াৰ এন ই ৰাম মাছৰুমৰ পৰিচালক জয়ন্ত গগৈ, যোৰহাটৰ মনোজ গগৈ, তিনিচুকীয়াৰ ৰুদ্র ডপাধ্যায় আদিয়ে দিহা–পৰামর্শ প্রদান কৰি অহাৰ ডপৰি এইক্ষেত্রত ৰঙতিৰ ৰাজীৱ বৰুৱা, লালুক কৰুণাবাৰীৰ মজিবুল ইছলামে পূর্ণ সহযোগ আগবঢ়াই আহিছে৷ শেহতীয়াকৈ ভাৰতীয় ষ্টেট বেংকৰ বিহপুৰীয়া শাখাৰ পৰা এইগৰাকী ডদ্যমী যুৱকে এটি মুদ্রা লোণ লাভ কৰি কামবোৰ আগবঢ়াই নিছে যদিও পুঁজিৰ অভাৱৰ বাবে সংৰক্ষণৰ সু–ব্যৱস্থা, ড্রায়াৰ আৰু কেনিং মেচিন আদি অত্যাধুনিক আহিলা সংগ্রহ কৰিবলৈ সক্ষম হোৱা নাই৷ অসমত এনে প্রজাতিৰ কাঠফুলাৰ খেতিৰে এক বৃহৎ ডদ্যোগ গঢ়ি তোলাৰ সপোন দেখা যুৱকজনে বর্তমানলৈকে কিন্তু এইক্ষেত্রত চৰকাৰী পক্ষৰ পৰা আশানুৰূপ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’লে মাছৰুম সংৰক্ষণ কৰি পেকেজিং কৰি বিভিন্ন ৰাজ্যত মার্কেটিং কৰাত সুবিধা হ’লহেঁতেন৷ এনেবোৰ অভাৱে এইগৰাকী খেতিয়কজনে আশানুৰূপ লাভাংশ পাবলৈ সক্ষম হোৱা নাই৷ কিয়নো ডক্ত ফার্মত ডৎপাদিত হোৱা কাঠফুলাসমূহ ডপযুক্তভাৱে সংৰক্ষণ কৰিব নোৱাৰাৰ ফলত এইগৰাকী খেতিয়কে বহু পৰিশ্রমৰ বিনিময়ত ডৎপাদন কৰা বহু লাখ টকাৰ কাঠফুলা প্রতি সপ্তাহতে পেলনীয়া সামগ্রীত পৰিণত হৈ আহিছে৷

You might also like