পলাশবাৰীৰ বৰটাৰীত বৰলুইতৰ পাৰত বৃহৎ কৃষি বিপ্লৱ
চৰকাৰী চাকৰিমুখী নহৈ একাংশ যুৱকে কৃষি কৰ্মৰে নিজৰ লগতে আন দহজনক উপাৰ্জনৰ দেখুৱাই স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাই ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপৰ বৰটাৰীৰ এচাম শিক্ষিত যুৱকে কৃষি বিপ্লৱৰ সূচনা কৰিছে। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত সদৃশ ভূমিত বিভিন্ন প্ৰকাৰৰ ফল-মূল আদিকে ধৰি বিভিন্ন শস্য ৰূপায়ণ কৰিছে। য’ত থোকে থোকে ওলমি আছে কল, লমালমে লাগিছে দেশী-বিদেশী বগৰী, মাকৈ, সৰিয়হ কিম্বা অন্যান্য শাক-পাচলিৰে উভৈনদী হৈ পৰিছে দক্ষিণ কামৰূপৰ বৰটাৰী অঞ্চল ৷
কোনে কয় অসমীয়া যুৱকে খেতি কৰিব নোৱাৰে, অসমীয়া লোকে কষ্ট কৰিব নোৱাৰে কিম্বা অসমীয়াই ব্যৱসায় কৰিব নোৱাৰে ৷ “পথাৰ আমাৰ – বজাৰ আমাৰ” বাক্যশাৰী কেৱল শ্লোগানতেই নাৰাখি হাতে কামে কৰি দেখুৱাইছে দক্ষিণ কামৰূপৰ এচাম উদ্যমী শিক্ষিত যুৱকে ৷
১৯৭৫ চনৰ পিছত মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত নিঃশেষ হৈ যোৱা বৃহৎ গাঁওখন পুনৰ লুইতৰ বালি পৰি চাপৰি সদৃশ হোৱাত গাঁওখনৰ কেইগৰাকীমান উদীয়মান শিক্ষিত যুৱকে ২০০৭ চনৰ পৰা উক্ত চাপৰিত আৰম্ভ কৰে এক কৃষি বিপ্লৱ ৷ প্ৰথমাৱস্থাত কল খেতিৰে জড়িয়তে স্বাবলম্বী হোৱাৰ সপোন দেখিছিল কেইগৰাকীমান প্ৰতিভাৱান যুৱকে৷
সময়ৰ সোঁতত এই কৃষি বিপ্লৱৰ ধনাত্মক প্ৰভাৱ সমগ্ৰ গাঁৱখনতেই বিস্তাৰিত হোৱাত সম্প্ৰতি বৰটাৰী কণ্ডলপাৰাকে আদি কৰি অঞ্চলতোৰ প্ৰায় ৯৫ শতাংশ লোক জড়িত হৈ পৰিছে কৃষিকৰ্মৰ লগত ৷ বৰ্তমান সময়ত অঞ্চলতোত প্ৰায় ২০০০ বিঘা ভূমিত কল খেতি, প্ৰায় ১০০০ বিঘা ভুমিত বগৰী খেতি, ৫০০ বিঘা ভুমিত মাকৈ, ৩ ৰ পৰা ৪ হাজাৰ বিঘা ভুমিত সৰিয়হৰ উপৰিও বহু হেজাৰ বিঘা ভুমি আবৰি আছে শাক পাচলিৰ খেতিৰে। যি ফলমূল কিম্বা শাক পাচলি সমুহ সাম্প্ৰতিক সময়ত দখল কৰিছে বহিঃৰাজ্যৰ বজাৰ।
অলপতে অঞ্চলটোৰ কৃষক সকলে লুইতৰ পাৰত অনুষ্ঠিত কৰিলে তৃতীয় বাৰ্ষিক “বৰলুইত কৃষক মহোৎসৱ” ৷ ৰাতিপুৱাৰে পৰা বিভিন্ন মাঙ্গলিক অনুষ্ঠানৰ লগতে লুইত পুজন, ভুমি পুজন তথা নাম প্ৰসংগৰে অনুষ্ঠিত কৰা হয় এই মহোৎসৱ ৷ মূলতঃ বৰটাৰী অঞ্চলৰ লুইতপাৰত সম্প্ৰতি প্ৰাকৃতিক ভাবে গঢ় লৈ উঠিছে এক মনোমোহা প্ৰাকৃতিক পৰিবেশ ৷ যি নান্দনিক পৰিবেশে বিভিন্ন সময়ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বহু পৰ্যটকৰ৷
লুইতৰ চাপৰিত প্ৰতি বছৰে বাৰিষাৰ পিছতেই পৰি ৰোৱা পলসৰ বাবে দক্ষিণ কামৰূপৰ অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বৰটাৰীৰ লুইতৰ পাৰ৷ পৰ্যটন ক্ষেত্ৰ হিচাপে অঞ্চলটিক আৰু অধিক আগুৱাই নিয়াৰ প্ৰয়াস স্থানীয় কৃষক সকলৰ৷
আনহাতে কোনো বালি-মাটি মাফিয়াই যাতে অঞ্চলটোত কোনো হানি কৰিব নোৱাৰে তাৰ বাবেও সজাগ হৈছে কৃষক সকল ৷ সম্প্ৰতি বিভিন্ন অঞ্চলৰ পৰা বনভোজৰ বাবেও লোক অহা পৰিলক্ষিত হয় উক্ত অঞ্চলটোলৈ৷ অঞ্চলটোৰ কৃষক সকলে অনুষ্ঠিত কৰা তৃতীয় বাৰ্ষিক “বৰলুইত কৃষক মহোৎসৱ” শীৰ্ষক অনুষ্ঠানটিৰ শেষত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় কিষান সংঘৰ অসম ৰাজ্যিকৰ মহামন্ত্ৰী কৃষ্ণ কান্ত বৰা। বৰাই উপস্থিত থাকি সমগ্ৰ অঞ্চলৰ পৰিবেশ দেখি আপ্লুত হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজ আৰু যুৱকসকলক ভূয়সী প্ৰশংসা কৰে।
নিয়মীয়া বাৰ্তা, মিৰ্জা, ১০ ফেব্ৰুৱাৰী