সংগ্ৰামৰ ধাৰাবাহক চাংসাৰিৰ তৰুণ অসম সেৱক সংঘ
- অনুভৱ কুমাৰ
‘তৰুণ অসম সেৱক সংঘ’ ৷ আজিৰ প্রেক্ষাপটত এই তৰুণ অসম সংঘটোৰ কর্মৰাজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ চিনাকিৰ দাপোণবুলি ক’ব পাৰি৷ সামাজিক–সাংস্কৃতিক ক্ষেত্রতে হওক নতুবা ক্রীডাৰ ক্ষেত্রতে হওক, তাত অবিৰাম মনোনিৱেশৰ ফলত সংঘটোৰ সেৱা সজীৱতাৰ হেঙুলীয়াবোৰৰ প্রসাৰতা বিয়পি পৰিছে আৰু সেইমতে তাৰ গৌৰৱৰ ধ্বজা বহ্ণিমান প্রান্তে প্রান্তে৷ দ্বিতীয়তে অনেকৰ বাবে আপোন আৰু প্রেৰণাৰ উৎস ‘তৰুণ সেৱক সংঘ’৷ এই সংঘটো আছে ৰাজধানী গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল তথা জালুকবাৰী সমষ্টিৰ চাংসাৰিত৷ ইংৰাজে শাসনকালৰ দিনতে সেই সময়ৰ চাংসাৰি আৰু প্রতিবেশী অঞ্চলৰ ডেকাসকলৰ একাগ্রতাত জন্ম হৈছিল সংঘটো৷ অৱশ্যে ইয়াৰ অন্তৰালতো জডিত হৈ আছে এক ইতিহাস৷ তেতিয়া ১৯৩৮ চন৷ ইংৰাজৰ বিৰুদ্ধে ভাৰতত অব্যাহত আছিল আন্দোলন৷ বৃহত্তৰ চাংসাৰি অঞ্চলৰ যুৱকসকলেও প্রস্তুতি চলাইছিল আন্দোলনত জঁপিয়াই পৰাৰ৷ এদিন ডেকাহঁতে একগোট হৈ এটি ‘সেৱাদল’ গঠন কৰিলে৷ সেৱাদলৰ কাম আছিল অঞ্চলটোৰ বা–বাতৰি গোপনে ৰাজ্যিক নেতৃত্বক যোগান ধৰা৷ ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত ‘সেৱাদল’টোৱে সক্রিয়ভাৱে অংশগ্রহণ কৰে আৰু পিছলৈ তেওঁলোকে ১৯৪৬ চনত ‘তৰুণ অসম সেৱক সংঘৰ’ জন্ম দিছিল৷ সভাপতি প্রয়াত ললিত চন্দ্র লহকৰ আৰু সম্পাদকৰ দায়িত্ব প্রদান কৰা হৈছিল দয়াৰাম নাথক৷ সেই সময়তে বংকিম চন্দ্র বডা নামৰ সমাজহিতৈষী লোকজনে দান দিয়া এডোখৰ ভূমিত (চাংসাৰি ডাকঘৰ থকা স্থানত) প্রথমে সংঘটো স্থাপন কৰা হৈছিল৷ অৱশ্যে ষাঠিৰ দশকত সংঘটো স্থানান্তৰ কৰা হয় চাংসাৰি খেলপথাৰৰ পশ্চিম দিশত৷ ইয়াৰ ভূমিও দান হিচাপে আগবঢ়াইছিল প্রয়াতবংকিম চন্দ্র বডাৰ লগতে অসম চৰকাৰৰ প্রাক্তন মন্ত্রী গিৰীণ চৌধুৰীয়ে৷ এই দুগৰাকী ব্যক্তিৰ মহানুভৱতাত তৰুণ অসম সেৱক সংঘই এক নতুন মাত্রা লাভ কৰে৷ ইয়াৰ পাছতে এই সংঘটোতে সকলোৱে একগোট হৈ সামাজিক চেতনাৰ বহিঃপ্রকাশ ঘটায়৷ গ্রাম্য জীৱনৰ চহা অঞ্চলটোত কিদৰে সামগ্রিক উন্নয়নৰ গতিশীলতা দিব পাৰি, তাৰ বাবে সংঘ পৰিয়ালটোৰ অন্যতম প্রধান উদ্দেশ্যৰ ভঁৰাল হ’ল৷ মনৰ চিন্তাবোৰ, বিবেকবোৰ মুকলি উপস্থাপনৰ মাজেৰে তাক বাস্তৱায়িত কৰাৰ অংগীকাৰ প্রতিজনৰে হূদয়ত নিৰূপিত হ’ল৷ এদিন তৰুণ অসম সেৱক সংঘৰ সামাজিক উন্নয়নৰ সংগ্রাম যাত্রা আৰম্ভ কৰা হ’ল৷ যি সংগ্রামৰ ধাৰা এতিয়াও অব্যাহত আছে, ভৱিষ্যতলৈও থাকিব৷ উল্লেখ্য যে সংঘটোৰ জন্মৰ কিছুদিন পাছতে চৰকাৰী পঞ্জীয়ন কৰি প্রথমে অঞ্চলটোৰ ৰাস্তা–ঘাটৰ কামত শ্রমদান কৰিছিল৷ পাছলৈ ১৯৫৬ চনত সংঘই স্ত্রী শিক্ষাৰ প্রতি লক্ষ্য ৰাখি চাংসাৰি বালিকা বিদ্যাপীঠ (বর্তমান চাংসাৰি বিদ্যাপীঠ হাইস্কুল) প্রতিষ্ঠা কৰিছিল৷ ইপিনে চৰকাৰী অনুদান হিচাপে সেই সময়ত সংঘই লাভ কৰা দুই হাজাৰ টকাৰে চাংসাৰি ৰাজ্যিক পশু চিকিৎসালয়খন চৰকাৰী ভূমিত স্থাপন কৰিছিল৷ সমান্তৰালকৈ সংঘৰ উদ্যোগতে চাংসাৰি ৰাজ্যিক চিকিৎসালয়খনো প্রতিষ্ঠাত মুখ্য ভূমিকা লোৱা হয়৷ অনুষ্ঠান–প্রতিষ্ঠানস্ নির্মাণত অৱশ্যে চৰকাৰী অনুদান লাভৰ ক্ষেত্রত প্রয়াত ধর্মকান্ত নাথৰ অৰিহণা আছিল প্রশংসনীয়৷ একেদৰে শলাগ ল’ব লাগিব সেই সময়ৰ বিধায়ক শৰৎ চন্দ্র গোস্বামীদেৱৰো৷ পাছলৈ শৰাইঘাট মহাবিদ্যালয় প্রতিষ্ঠাৰ আঁৰতো তৰুণ অসম সেৱক সংঘৰ অগ্রণী ভূমিকা অপৰিসীম৷ কিয়নো শিক্ষানুষ্ঠানখন স্থাপনৰ সকলো যো–জা আৰম্ভ হৈছিল সংঘৰ পৰাই৷ এনেধৰণৰ নিদর্শনতে সীমাবদ্ধ নহৈ তেতিয়াৰ পৰা আজিলৈকে শৈক্ষিক, সামাজিক, সাংস্কৃতিকৰ লগতে ক্রীডাক্ষেত্রতো প্রৱহমান হৈ আছে তৰুণ অসম সেৱক সংঘই৷ সংঘৰ উদ্যোগতে মূলতঃ প্রতিবছৰে ৰঙালী বিহু সন্মিলনী অনুষ্ঠান, নাট প্রদর্শনৰ ব্যৱস্থা, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু তিথি, শিল্পী দিৱস, সৰস্বতী পূজা, লক্ষ্মী পূজা, দুর্গাপূজা ইত্যাদি অনুষ্ঠান ৰূপায়ণ কৰি আহিছে৷ এতিয়ালৈকে সংঘই চোৰ, অনাৰকলি, ত্রিকেন্দ্রজিৎ, দোলা, সাঁকো, প্রলয়, জোনাকে ধোৱা অৰণ্য আদি কেইবাখনো নাট মঞ্চস্থ কৰিছে৷ ক্রীডাৰ ক্ষেত্রতো সংঘৰ আছে বিশেষ সমাদৰ৷ কিয়নো সংঘৰ লগত জডিত বহুকেইজন সদস্যই ফুটবল খেলত অসমৰ বিভিন্ন ঠাইত পাৰদর্শিতা দেখুৱাবলৈ সক্ষম হৈছিল আৰু তেওঁলোকে খেলৰ বাবেই পাছলৈ চৰকাৰী চাকৰিও লাভ কৰিছিল৷ এতিয়াও চাংসাৰি খেলপথাৰত ফুটবলৰ লগতে বিভিন্ন খেল অনুষ্ঠিত হৈ আহিছে৷ কেতিয়াবা প্রশিক্ষণৰো ব্যৱস্থা কৰা হয় আৰু যাৰ বাবে বহুতৰে আশাৰ বার্তা চাংসাৰিৰ এই তৰুণ অসম সেৱক সংঘ ৷
ফোন – ৮৬৩৮৮–৫০০২৭