নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিল্মফেয়াৰ ডামামাঃ বিশেষ পাছ থকা বাহনহে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামত

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব লগা বহুপ্ৰতীক্ষিত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক লৈ সম্পূৰ্ণ সষ্টম হৈছে আৰক্ষী বাহিনী । টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা বৰ্ণাঢ্য এই বঁটা প্ৰদান অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে আৰক্ষীয়ে ৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেলত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই কয়– আজিৰ বঁটা প্রদান অনুষ্ঠানক লৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰি পর্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ৷ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হ’ব লগা সৰুসজাই ষ্টেডিয়াম আৰু বলীউডৰ চেলিব্রিটীসকল থাকিব লগা হোটেলসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

বিশেষকৈ মহানগৰীৰ তাজ ভিভাণ্টা, ৰেডিছন ব্লু, নভ’টেল হোটেলত নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ সেইদৰে সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠান আৰম্ভ হোৱাৰ পূর্বৰে পৰা ড্র’ন ব্যৱহাৰ কৰা হ’ব ৷ তদুপৰি চিচি টিভিৰ জৰিয়তে প্রতিটো মুহূর্ত তন্ন তন্নকৈ নিৰীক্ষণ কৰিব আৰক্ষীয়ে৷ মুঠৰ ওপৰত বঁটা প্রদান অনুষ্ঠান সুকলমে অনুষ্ঠিত কৰিবৰ বাবে আৰক্ষী–নিৰাপত্তা বাহিনীৰ তৰফৰ পৰা ল’ব লগা সকলো ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কয় আৰক্ষী আয়ুক্তগৰাকীয়ে ৷ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই কয় যে আজি বলীউডৰ চেলিব্রিটী, ভি ভি আই পি আৰু দর্শককে ধৰি প্রায় আঠ হাজাৰ মানুহ সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকিব ৷

উল্লেখ্য যে বঁটা প্রদান অনুষ্ঠানক লৈ আজি গুৱাহাটীত যান–বাহন চলাচল আৰু দর্শকৰ বাবে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে মহানগৰ যান–বাহন আৰক্ষীয়ে ৷ একেখন সংবাদ মেলত মহানগৰ যান–বাহন নিয়ন্ত্রণ শাখাৰ উপ–আৰক্ষী আয়ুক্ত ৰঞ্জন ভূঞাই কয় যে আজি বঁটা প্রদান অনুষ্ঠানলৈ অহা দর্শকৰ যান–বাহনৰ বাবে যাতে যান–জঁট সৃষ্টি নহয়, তাৰ বাবে কেতবোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে ৷ বঁটা প্রদান অনুষ্ঠানলৈ আহিব লগা চেলিব্রিটী, ভি আই পি আৰু দর্শকৰ যাতে কোনো অসুবিধা নহয়, তাৰ বাবে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত আজি পুৱা ৩ বজাৰ পৰা দেওবাৰে পুৱা ৪ বজালৈ মালবাহী ট্রাকৰ চলাচল বন্ধ ৰখা হৈছে ৷ আজি বিয়লি ৩.৪৫ বজাত দর্শকসকলে ১ নম্বৰ প্রৱেশ পথেৰে ষ্টেডিয়ামত প্রৱেশ কৰিব পাৰিব ৷ দর্শকসকলে ৰংমন পইণ্টত বাহনৰ পৰা নামি ষ্টেডিয়ামৰ ভিতৰলৈ খোজকাঢ়ি যাব লাগিব ৷ কেৱল পাছ থকা যান–বাহনসমূহহে ষ্টেডিয়ামৰ ভিতৰলৈ যাব পাৰিব ৷ লখৰাৰ ফালৰ পৰা অহা বাহনসমূহে যাত্রীসকলক ছার্ভিচ ৰোডত নমাই দি বেহাৰবাৰীৰ পার্কিঙলৈ যাব লাগিব৷ আৰক্ষী আয়ুক্ত ভূঞাই লগতে কয় যে দর্শকৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি ষ্টেডিয়ামৰ বাহিৰত মুঠ ২৭টা পার্কিং স্থানৰ ব্যৱস্থা কৰা হৈছে ৷

এই পার্কিং স্থানত বিনামূলীয়াকৈ গাড়ী ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, দর্শকসকলে গেট ১–এ, ১–বি আৰু ১–চিৰে প্রৱেশ কৰিব পাৰিব ৷ সেইদৰে হকী ষ্টেডিয়ামৰ পৰা সাউকুছিলৈ আৰু সাউকুছিৰ পৰা হকী ষ্টেডিয়ামলৈ যোৱা পথত কাইলৈ ‘ন’ এণ্ড্রী’ ঘোষণা কৰা হৈছে ৷ অৱশ্যে স্থানীয় নিৱাসী, আৰক্ষী–প্রশাসন আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে ৷ আনহাতে, পার্কিং স্থানসমূহ হ’ল– বশিষ্ঠৰ নালাপাৰা কালী মন্দিৰ অঞ্চলৰ নিউ তামুলী পার্কিং, নিউ এন এইচ পার্কিং, বালাজী পার্কিং, এ ডি আৰ ট্রেন্সপ’ট, লাল গুদাম (লখৰাৰ উত্তৰ দিশে), বশিষ্ঠৰ হনুমান ৰোড কেৰিয়াৰ কমপ্লেক্স, লখৰাৰ পাৰিজাত প্রকল্প কমপ্লেক্স, বশিষ্ঠৰ দক্ষিণ গুৱাহাটী কনিষ্ঠ মহাবিদ্যালয়, বশিষ্ঠৰ লালমাটিৰ এম এছ কমপ্লেক্স, ষ্টেডিয়ামৰ বাহিৰৰ ২নং গেট, শ্রীমন্ত কাটা, বেহাৰবাৰী, বেহাৰবাৰীৰ ব্রহ্মপুত্র পার্কিং, অল্ড এ বি চি কেৰিয়াৰ কমপ্লেক্স, গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ সমীপৰ গণেশ কাটা, লখৰা বিহুতলী, টি চি জে এক্সপ্রেছ কমপ্লেক্স, গৰলীয়া পার্কিং, প্লেটিনাম প’টফলি’ ফাণ্ড কম্পাউণ্ড আদি ৷

You might also like