নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬/১১ৰ মুম্বাই আক্রমণৰ জগৰীয়া কৰক হাফিজ ছয়ীদক

পাকিস্তানক আহ্বান আমেৰিকাৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মুম্বাইৰ ২৬/১১ আক্রমণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপৰ বাবে জামাত–উদ–দাবাৰ মুৰব্বী হাফিজ ছয়ীদক জগৰীয়া কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে আমেৰিকা যুক্তৰাষ্ট্রই৷ দেশখনৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা বিবৃতি মতে, জামাত–উদ–দাবাৰ হাফিজ ছয়ীদ বিভিন্ন সন্ত্রাসবাদী কার্যকলাপ বিশেষকৈ ২০০৮ চনৰ মুম্বাই আক্রমণত প্রাণ হেৰুওৱা ১৬৬ নিৰীহ লোকৰ লগতে ৬গৰাকী আমেৰিকান লোকৰ মৃত্যুৰ বাবে জগৰীয়া৷ গতিকে পাকিস্তানে সন্ত্রাসবাদী হাফিজ ছয়ীদক এইক্ষেত্রত জগৰীয়া কৰিব লাগে৷ উল্লেখ্য যে সন্ত্রাসবাদক পুঁজি যোগান ধৰা দুটাকৈ গোচৰত জেইউডিৰ মুৰব্বী ছয়ীদক পাকিস্তানৰ আদালতে দোষী সাব্যস্ত কৰি ৫ বছৰৰ কাৰাদণ্ড দিছিল৷ লাহোৰৰ সন্ত্রাসবিৰোধী আদালতৰ এই সিদ্ধান্তৰ পাছতেই কালি নিশা আমেৰিকা যুক্তৰাষ্ট্রই বিবৃতিযোগে ভাৰতৰ মুম্বাই আক্রমণতো ছয়ীদক জগৰীয়া কৰিব লাগে বুলি ইছলামাবাদক আহ্বান জনাইছে৷

You might also like