স্বীকৃতি লাভৰ দিশে অসমীয়াৰ স্বাভিমান চেনেহৰ গামোচা
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ অসমবাসীৰ বাবে সুখবৰ । কোমল চাউল, মুগাৰ পাচত অসমীয়াৰ স্বাভিমান গামোচাই ভৌগোলিক সূচাংক অৰ্থাৎ জি আই টেগ পোৱাৰ দিশে অগ্ৰসৰ হৈছে । এই কথা জানিবলৈ দিছে গামোচাক জি আইৰ স্বীকৃতিৰ বাবে আবেদন কৰা গোলাঘাটৰ ইনষ্টিটিউট অৱ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্টৰ সাধাৰণ সম্পাদক পংকজ শৰ্মাই ।

শৰ্মাই প্ৰকাশ কৰা মতে অসম কৃষি বিশ্ববিদ্যালয় অথবা তেওঁলোকৰ হাতত অসমীয়াৰ স্বাভিমান গামোচাই জি আই টেগ লাভ কৰাৰ চাৰ্টিফিকেট এতিয়াও হাতত পৰা নাই যদিও অচিৰেই সেই চাৰ্টিফিকেট লাভ কৰিব বুলি আশাবাদী ।

তেওঁ লগতে কয় যে ২০১৬-১৭ বৰ্ষতে অসম কৃষি বিশ্ববিদ্যালয়ৰ আই পি আৰৰ জৰিয়তে গামোচাৰ জি আই টেগ বিচাৰি আবেদন কৰে । পৰৱৰ্তী পৰ্যায়ত ডঃ বুলবুল বৰুৱাই অসমীয়াৰ গামোচাৰ স্বকীয়তা, বৈচিত্ৰ্য আদিৰ ওপৰত তথ্য সংগ্ৰহ কৰি সহায় কৰাৰ লগতে নতুন দিল্লীত জুৰী ব’ৰ্ডৰ ওচৰত অসমীয়াৰ গামোচাৰ বিষয়ে উপস্থাপন কৰাৰ উপৰি সমস্ত বিষয়টো নিৰীক্ষণ কৰে ।

শেহতীয়াকৈ জি আই জাৰ্নেলত অসমীয়াৰ গামোচাই স্থান লাভ কৰা বুলি খবৰ ওলাইছে । কিন্তু এই মূহূৰ্তলৈ কৃষি বিশ্ববিদ্যালয় আৰু তেওঁ সেই সম্পৰ্কীয় কোনো চাৰ্টিফিকেট লাভ কৰা নাই । অতি কম দিনৰ ভিতৰতে অসমবাসীয়ে আনুষ্ঠানিকভাৱে সেই ভাল খবৰটো লাভ কৰিব বুলি তেওঁ অত্যন্ত আশাবাদী ।